Fearless Press

‘আপ’ক কিয় ‘মাল’ বুলি ক’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

গুৱাহাটী,৯ এপ্ৰিলঃ পুনৰ ‘মাল’ৰ প্ৰসংগ। এইবাৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মুখত ‘মাল’। দেওবাৰে আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ প্ৰতি অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিল। দেওবাৰেও ইয়াৰ ব্যতিক্ৰম নহ’ল। জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকে আপৰ প্ৰসংগ উত্থাপন কৰাত সৰৱ হৈ পৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়-‘ অসমত এনে কি ‘মাল’ আছে আমি নাজানো। এইটো কি বস্তু, ক’ৰ পৰা আহিছে। এইটো আমাৰ খাদ্য নহয়, সংবাদ মাধ্যমহে খাদ্য। নিৰ্বাচনৰ পাছত গম পোৱা যাব কি মালবস্তু।’ দিল্লী আৰু পাঞ্জাৱত চৰকাৰ চলাই থকা ‘আপ’ক অসমৰ ক্ষেত্রত কি নতুন ‘মালবস্তু’ বুলি কটাক্ষ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ‘মাল’ কোনো বেয়া শব্দ নহয় আৰু বিভিন্ন ক্ষেত্রত ইয়াক ব্যৱহাৰ কৰা হয়। ‘মাল’ সাংবিধানিক শব্দ। মুখ্যমন্ত্রীয়ে তেওঁৰ এই শব্দক লৈ হ’ব পৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি লগে লগে ‘মাল’ শব্দটোৰ পক্ষত যুক্তি দাঙি ধৰে। মুখ্যমন্ত্রীয়ে ‘মালবস্তু’ অসংসদীয় শব্দ নহয় বুলি লগে লগে সদৰি কৰে যদিও আপক কটাক্ষ কৰাৰ পৰা বিৰত নাথাকিল। মুখ্যমন্ত্রীয়ে কয়-‘ মই অৰবিন্দ কেজৰিৱালৰ নিমন্ত্ৰণৰ অপেক্ষাত আছো। ডেৰ লাখ চৰকাৰী চাকৰি থকা দিল্লীত তেওঁ কেনেকৈ ১২ লাখ চাকৰি দিলে। ইয়াৰ উত্তৰ তেওঁ দিব লাগিব। গুৱাহাটীলৈ আহি অসমৰ মানুহক বুৰ্বক সজালে নহ’ব। ১২ লাখ চাকৰি দিয়াৰ ৰহস্য উদঘাতন কৰিব লাগিব। ব্যক্তিগত খণ্ডত নিয়োজিত কৰা বুলি ক’লে নহ’ব।’ মুখ্যমন্ত্রীয়ে লগতে কয় যে যি কৰিছে সেইটো ক’ব লাগে। মিছা কথা ক’ব নালাগে। বিনামূলীয়া বিদ্যুৎ দিছে ঠিক আছে। কিন্তু ডেৰ লাখ চৰকাৰী চাকৰি থকা দিল্লীত কেনেকৈ ১২ লাখ চাকৰি দিলে। অৰবিন্দ কেজৰিৱালৰ বেচিক ন’লেজ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অৰবিন্দ কেজৰিৱালে একেটা ভাষণকে বিভিন্ন ঠাইত দিয়ে।

Exit mobile version