গুৱাহাটী,১১ এপ্ৰিলঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন নৈৰ কাষত অবৈধ নিৰ্মাণকাৰ্যৰ ক্ষেত্রত অনুমতি প্ৰদান কৰা গুৱাহাটী পৌৰ নিগমৰ দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এইক্ষেত্রত উপযুক্ত পদক্ষপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক কঠোৰ নিৰ্দেশ দিছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে। উল্লেখ্য যে মঙলবাৰে মন্ত্রী সিংহলে গুৱাহাটী পৌৰ নিগম আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ মহানগৰীৰ বাহিনী নদীৰ পাৰৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথা বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত ৰূপায়িত বিভিন্ন কাম-কাজৰ বুজ লয়। লগতে তেওঁ বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চলসমূহো পৰিদৰ্শন কৰে। ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী পইণ্টৰ সমীপৰ বাহিনী নদীৰ দলঙৰ পৰা আৰম্ভ কৰা এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানা, সুন্দৰপুৰ, ৰাজধানী নাৰ্ছাৰী, লক্ষ্মীনগৰ, নয়নপুৰ, হেঙেৰাবাৰী, দিছপুৰ ৰ’টাৰী, ডাউন টাউন, ৰুক্মিনীগাঁও পিবকো পইণ্ট আদি বিভিন্ন এলেকাত বাহিনী নদীৰ দুয়োফালে হোৱা বেদখলৰ বুজ লয়। কেতবোৰ এলেকাত নদীখনৰ গতিপথ সংকুচিত কৰি একাংশ লোকে দেৱাল, বাসগৃহ আদি নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি এনে অবৈধ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰা গুৱাহাটী পৌৰ নিগমৰ দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষপ গ্ৰহণ কৰিবলৈ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে। মহানগৰীৰ একাংশ নাগৰিকৰ অবিবেচক কাৰ্যকলাপৰ বাবে বাহিনী নদীৰ বুকু সীমাহীন আৱৰ্জনা, প্লাষ্টিকৰ বটল, পলিথিন আদিৰে ভৰি পৰাৰ লগতে গতিপথ সংকুচিত হৈ নদীখন মৃতপ্ৰায় হৈ পৰাৰ প্ৰসংগত তেওঁ আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে বাহিনী, ভৰলু আদি নদীৰ পানী সংবহন ক্ষমতা স্বাভাৱিক ৰূপলৈ ঘূৰাই আনিব নোৱাৰিলে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাটো সম্ভৱ নহ’ব। সেয়ে তেওঁ মহানগৰীৰ বাসিন্দাসকলক এইক্ষেত্ৰত সজাগ আৰু সংবেদনশীলতাৰ পৰিচয় দিবলৈ আহ্বান জনায়। পৰিদৰ্শনকালত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে পৌৰ নিগমৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।
মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
