Fearless Press

বিগত ২৪ ঘন্টাত ১০ হাজাৰৰো অধিক লোক কৰোনাত আক্ৰান্ত

নিউজ ডেক্স,১৩ এপ্ৰিলঃ দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ১০,১৫৮ জন লোক আক্ৰান্ত হৈছ কৰোনাত। ইয়াৰ পাছতেই দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ৪৪,৯৯৮ গৰাকীলৈ বৃদ্ধি পালে। আনহাতে বিগত ২৪ ঘন্টাত ৫ হাজাৰতকৈ অধিক লোক সুস্থ হৈ উঠিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত দেশজুৰি টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে ২২০.৬০ কোটি ভেকছিন প্ৰদান কৰা হৈছে। উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে দেশত প্ৰায় ৭০০০ লোক আক্ৰান্ত হৈছিল কৰোনাত। দিল্লী, মহাৰাষ্ট্ৰ আদি ঠাইত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। তেনে স্থলত সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষই।

 

Exit mobile version