Fearless Press

অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অজয় সিঙৰ দেহাৱসান

গুৱাহাটী,১৮ এপ্ৰিলঃ অসমৰ প্ৰাক্তন ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অজয় সিং আৰু নাই। মঙলবাৰে পুৱা তেওঁৰ দেহাৱসান ঘটে। ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধত অংশ গ্ৰহণৰ অভিজ্ঞতাৰে পুষ্ট অজয় সিং ২০০৩ চনৰ পৰা ২০০৮ চনলৈকে অসমৰ ৰাজ্যপাল হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। অসমৰ ৰাজ্যপাল হৈ থকা সময়ত তেওঁ আলফাৰ বিৰুদ্ধে চলা ‘অপাৰেচন ৰাইনো’ৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰিছিল। তেওঁ উত্তৰ-পূব পৰিষদৰো অধ্যক্ষ আছিল। প্ৰাক্তন ৰাজ্যপাল সিঙৰ মৃত্যুত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যম যোগে প্ৰাক্তন ৰাজ্যপালগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে অসমলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্রীয়ে লেফটেনেণ্ট জেনেৰেল সিঙৰ সামৰিক কেৰিয়াৰ তথা ৰাজ্য আৰু ৰাষ্ট্ৰলৈ আগবঢ়োৱা অমূল্য অৱদানৰ কথা স্মৰণ কৰে। উল্লেখ্য যে ১৯৩৪ চনৰ ২০ নৱেম্বৰত ৰাজস্থানত জন্মগ্ৰহণ কৰা সিঙে ভাৰতীয় সেনাত যোগদানৰ মাজেৰে দেশলৈ প্ৰশংসনীয় সামৰিক অৱদান আগবঢ়াইছিল। তেওঁ মেয়ো কলেজ আৰু মাদ্ৰাজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। ১৯৬৫ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত পালন কৰা তেওঁৰ সক্ৰিয় ভূমিকা সদায়ে স্মৰণীয় হৈ ৰ’ব। অসমৰ প্ৰাক্তন ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল অজয় সিঙৰ মৃত্যুত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত মন্ত্রীগৰাকীয়ে কয় যে ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ সময়ত অদম্য নিৰ্ভীকতা আৰু সামৰিক দক্ষতাৰ পৰিচয় দিয়া লেফটেনেন্ট জেনেৰেল অজয় সিঙে তেখেতৰ সমগ্ৰ জীৱন সামৰিক বাহিনীৰ জৰিয়তে ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিছিল। তেখেতৰ স্বদেশপ্ৰম, দক্ষতা আৰু অৱদান চিৰযুগমীয়া হৈ থাকিব বুলি তেওঁ কয়।

Exit mobile version