নিউজ ডেক্স,১৯ এপ্ৰিলঃ ভাৰত বিশ্বৰ আটাইতকৈ জনবহুল দেশ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত এতিয়া চীনতকৈ ২.৯ নিযুত অধিক লোক আছে। বুধবাৰে মুকলি কৰা ‘৮ বিলিয়ন লাইভছ, ইনফিনিটিজ: দ্য কেছ ফৰ ৰাইটছ এণ্ড চয়েছ’ শীৰ্ষক UNFPAৰ ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট, ২০২৩’ত উল্লেখ কৰা মতে ভাৰতৰ বৰ্তমান জনসংখ্যা ১,৪২৮.৬ নিযুত আৰু চীনৰ সংখ্যা ১,৪২৫.৭ নিযুত। শেহতীয়াকৈ জাৰি কৰা প্ৰতিবেদনত এই পৰিসংখ্যাবোৰ ‘ডেমোগ্ৰাফিক ইণ্ডিকেটৰ’ শ্ৰেণীৰ অধীনত দিয়া হৈছিল। উল্লেখ্য যে, ১৯৫০ চনৰ পিছত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ আৰু মুকলি কৰা আৰম্ভ কৰিবলৈ লোৱাৰ পিছৰে পৰা পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰিছে। UNFPAৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতৰ জনসংখ্যাৰ ২৫ শতাংশ ০-১৪ বছৰ, ১০-১৯ বছৰত ১৮ শতাংশ, ১০-২৪ত ২৬ শতাংশ, ১৫-৬৪ ত ৬৮ শতাংশ, আৰু ৬৫ৰ ওপৰৰ ৭ শতাংশ লোক আছে।
জনসংখ্যা : চীনক অতিক্ৰম কৰিলে ভাৰতে
