নিউজ ডেক্স,১৯ এপ্ৰিলঃ দুখন ৰে’লৰ মুখামুখি সংঘৰ্ষত দাউদাউকৈ জ্বলি উঠিল ইঞ্জিন। এই ঘটনা মধ্যপ্ৰদেশৰ। দুখন মালবাহী ৰে’লৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষৰ পিছতে ইঞ্জিনত সূত্ৰপাত ঘটা জুইত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে এগৰাকী পাইলট। বুধবাৰে পুৱা মধ্যপ্ৰদেশৰ সিংপুৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা অনুসৰি, দুৰ্ঘটনাত আন দুগৰাকী ৰে’ল কৰ্মচাৰীও আহত হয়। সূত্ৰ অনুসৰি পুৱা প্ৰায় ৬.৩০ বজাত দক্ষিণ-পূব কেন্দ্ৰীয় ৰে’লৱেৰ বিলাসপুৰ-কাটনী ৰে’লপথৰ শ্বাহদোলৰ ১০ কিলোমিটাৰ পূৰ্বে সংঘটিত হয় এই সংঘৰ্ষ। চিগনেল অভাৰশ্বুট হোৱাৰ ফলত কয়লা পৰিবাহী ৰে’ল দুখনৰ মাজত সংঘৰ্ষ ঘটাৰ পিছতে দুয়োখন ৰে’লৰ ইঞ্জিনত জুইৰ সূত্ৰপাত ঘটে। এই ভয়ংকৰ সংঘৰ্ষত ৰে’লৰ ইঞ্জিনসহ ৯টাকৈ ডবা ৰে’লপথৰ পৰা উফৰি পৰে।
মধ্যপ্ৰদেশত দুখন মালবাহী ৰে’লৰ মুখামুখি সংঘৰ্ষ
