টীয়ক, ১৯ এপ্ৰিলঃআজি সাত বিহুৰ অন্যতম গাভৰু বিহু।ঠাইভেদে এই বিহুক জেং বিহু বুলিও পৰিচিত। ৰঙালীৰ আনন্দত বিধৌত অসমীয়া মহিলাই আজি উদযাপন কৰিছে গাভৰু বিহু।এয়া টীয়কৰ জগদুৱাৰ নাৰেংপাচনী গাঁৱৰ পৰিবেশ।অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা গাভৰু বিহু অথবা জেং বিহুৰ পৰম্পৰা সুন্দৰকৈ ধৰি ৰাখিছে এইসকল মহিলাই। চলি অহা পৰম্পৰা অনুসৰি বিহুৰ বতৰত ঘৰুৱা কাম-কাজ সামৰি মহিলা সকলে গছৰ তলত জোৰে জেং বিহু।দিনৰভাগত জেষ্ঠজনক জা-জলপান দি সেৱা ধৰাৰ পাছত মহিলা সকল একত্ৰিত হৈ বিহু জোৰে।ইয়াত পুৰুষৰ প্ৰবেশ নিষেধ।এনেদৰে হাত চাপৰি আৰু তকা বজাই বজাই নাচনীক নচুৱাই আনন্দ স্ফূৰ্তি কৰে মহিলা সকলে।সন্মুখতে এডাল জেং পুতি লয় তেওঁলোকে।পৰম্পৰা ৰক্ষা কৰি এইসকল মহিলাই, বিনন্দীয়া প্ৰকৃতি চৰ্চাৰে ভৰপূৰ চিৰসেউজ বিহুনাম জুৰি সবাৰো মংগল কামনা কৰাৰ লগতে আনন্দ স্ফূৰ্তি কৰে।লগতে লোক বিশ্বাস আছে যে এই গাভৰু বা জেং বিহুত নাচনীৰ গিৰিপনিত মাটিৰ উৰ্বৰতা বৃদ্ধি হয় আৰু আগন্তক সময়ত ফচল ভাল হয়।সেয়ে পুৰুষ সমাজৰ পৰা আঁতৰি পথাৰৰ মাজত নিলগত ইজনী সিজনী গাভৰু বোৱাৰীয়ে মনৰ আনন্দত আত্মহাৰা হৈ বিহু মাৰি পূৰ্বৰ পৰম্পৰা অটুত ৰাখি সকলো একত্ৰিত হৈ এইদৰে এইসকল মহিলাই উদযাপন কৰিছে গাভৰু বিহু।
আজি গাভৰু বিহু/ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা গাভৰু বিহু পৰম্পৰা ধৰি ৰাখিছে টীয়কৰ এইসকল মহিলাই
