Fearless Press

আদালতত অংকিতা দত্তৰ ভাষ্য গ্ৰহণ

গুৱাহাটী,২১ এপ্ৰিলঃ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগে নতুন দিশত গতি লাভ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাকো উলংঘা কৰি বুধবাৰে নিশা শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দাখিল কৰিছিল অংকিতা দত্তই। অংকিতা দত্তৰ অভিযোগ সংক্ৰান্তত ৰুজু হোৱা গোচৰ সন্দৰ্ভত শুকুৰবাৰে চি আই ডি কাৰ্যালয়ত উপস্থিত হয় অংকিতা দত্ত। চি আই ডি কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত অংকিতা দত্তক লৈ যোৱা হয় কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত। কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত ১৬৪ ধাৰাৰ অধীনত আদালতৰ মজিয়াত অংকিতা দত্তই প্ৰদান কৰে নিজ ভাষ্য। যাতে পৰৱৰ্তী সময়ত অংকিতা দত্তৰ ভাষ্যৰ কোনো সাল-সলনি নহয়, তাৰবাবে এই পদক্ষেপ আৰক্ষীৰ ৷ আদালতত ভাষ্যদানৰ পিছতে অংকিতা দত্তক আৰক্ষীৰ বাহনেৰে ওলাই যায়। উল্লেখ্য যে অংকিতা দত্তই দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৬৯২/২০২৩ নম্বৰত গোচৰ ৰুজু হৈছে। ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে অভিযোগ তুলি দাখিল কৰা এজাহাৰত স্পষ্ট হৈ আছে নিৰ্যাতনৰ তথ্য। তেনে সময়ত অংকিতা দত্তই যদি আদালতৰ মজিয়াত এজাহাৰত উল্লেখ কৰা ধৰণে নিৰ্যাতনৰ কথা স্পষ্ট কৰিছে তেন্তে নিৰ্যাতন চলোৱা শ্ৰীনিবাসৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট ওলাব পাৰে।

 

Exit mobile version