২৪ এপ্ৰিল , চিৰাংঃজনবসতিপূৰ্ণ এলেকা তথা উৰ্বৰ কৃষিভূমিত আবৰ্জনাগাৰ স্থাপনৰ বিৰুদ্ধে চিৰাঙৰ বিজনীত সোমবাৰে এক দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।বিজনী মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ ৰূপায়ন কৰা হয় এই অৱস্থান ধৰ্ম⁸ঘট কাৰ্যসূচী।বিজনীৰ চাৰাগাও মাটিয়াপাৰা আৱৰ্জনাগাৰ স্থান নিৰ্মাণ বিৰোধী কমিটিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ৰূপায়ন কৰা এই কাৰ্যসূচীত বিভিন্ন শ্লগান দি ধৰ্মঘটস্থলী উত্তাল কৰি তোলে।এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত চিৰাং জিলা তৃণমূল কংগ্ৰেছ আৰু বঙাইগাঁও-চিৰাং জিলা SFI য়ে সমৰ্থন জনায়।উল্লেখ্য বিজনী পৌৰসভাই বিজনী চহৰৰ পৰা নিলগৰ ১ নং চাৰাগাঁওত আবৰ্জনাগাৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।কিন্তু ঠাই দখৰ জনবসতিপূৰ্ণ হোৱাৰ বাবে ৰাইজে প্ৰস্তাবিত আবৰ্জনাগাৰ স্থাপনৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।শেষত এখন স্মাৰক পত্ৰ বিজনী মহকুমাধিপতিক প্ৰদান কৰে।
জনবসতিপূৰ্ণ এলেকা তথা উৰ্বৰ কৃষিভূমিত আবৰ্জনাগাৰ স্থাপনৰ বিৰুদ্ধে চিৰাঙৰ বিজনীত ৰাইজৰ প্ৰতিবাদ
