গুৱাহাটী,২৪ এপ্রিলঃ উত্তৰ-পূৰ্বাঞ্চলত প্ৰাকৃতিক গেছ সহজলভ্য কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ সহযোগত ইন্দ্ৰধনুছ গেছ গ্রীড লিমিটেডে হাইড্ৰকাৰ্বন পাইপলাইন প্ৰকল্পৰ কাম হাতত লৈছিল। অৱশেষত এই প্ৰকল্পই বিশেষ অগ্ৰগতি লাভ কৰিছে। উল্লেখ্য যে ৰাজ্যবাসীক পাইপৰ জৰিয়তে যোগান ধৰা হ’ব ৰন্ধন গেছ। ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। ইতিমধ্যে যোৰহাট-মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰত পানীৰ তলৰ পাইপ লাইন নির্মাণৰ কামো প্রায় সম্পূৰ্ণ কৰা হৈছে। পাঁচটা বৃহৎ তেল কোম্পানী ক্ৰমে ভাৰতীয় তেল নিগম লিমিটেড, তেল আৰু প্ৰাকৃতিক গেছ আয়োগ, গেইল, অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় তেল শোধনাগাৰৰ যৌথ কোম্পানী ইন্দ্ৰধনুছ গেছ গ্রীড লিমিটেডে ইতিমধ্যে যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰত পানীৰ তলেৰে পাইপ লাইন নির্মাণৰ কাম
সম্পূৰ্ণ কৰিছে। পানীৰ তলেৰে প্ৰাকৃতিক গেছ সৰবৰাহৰ বাবে নিৰ্মাণ কৰা এই পাইপ লাইন এছিয়াৰ ভিতৰতেই সৰ্ববৃহৎ আৰু বিশ্বৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ। উল্লেখ্য যে প্রথম অৱস্থাত কেৱল গুৱাহাটী আৰু শিলচৰত পাইপৰ জৰিয়তে ৰন্ধন গেছ যোগানৰ ব্যৱস্থা কৰাৰ কথা আছিল যদিও শেহতীয়াকৈ সমগ্ৰ ৰাজ্যলৈ এই আঁচনি সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। জানিব পৰা মতে ৰন্ধন গেছ যোগান ধৰাৰ বাবে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পাইপ লাইন স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত ঘৰে ঘৰে সংযোগ দিয়াৰ কামো আৰম্ভ হ’ব। ২০২৪ চনৰ মাৰ্চৰ ভিতৰত ৪৬ হাজাৰ পৰিয়ালক গুৱাহাটীত পাইপৰ জৰিয়তে ৰন্ধন গেছ যোগান ধৰাৰ লক্ষ্য লোৱা হৈছে। ইতিমধ্যে গুৱাহাটীৰ মুখ্য পাইপ লাইনসমূহ স্থাপনৰ কাম প্রায় সম্পূৰ্ণ হৈছে। অহা চাৰি-পাঁচ মাহৰ ভিতৰত গুৱাহাটীৰ ভিতৰত পাইপ লাইন স্থাপন কৰা কাম-কাজ সম্পন্ন কৰা হ’ব। উল্লেখ্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতেই পাইপযোগে ৰন্ধন গেছ যোগান ধৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছিল যদিও ক’ভিডকালীন পৰিস্থিতিৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈছিল। অৰ্থাৎ বাৰাউনীৰ পৰা গেছ সৰবৰাহ কৰাৰ বাবে পাইপৰ সংযোগ দিয়া কাম সোণোৱাল চৰকাৰৰ দিনত আৰম্ভ কৰা হয় যদিও পৰৱৰ্তী সময়ত ক’ভিডৰ বাবে স্থবিৰতা আহে। কিন্তু ক’ভিড পৰিস্থিতি শাম কটাৰ পাছত পাইপ সংযোগ দিয়া কাম তড়িৎ গতিত আগবঢ়োৱা হয়। যাৰ পৰিপ্ৰেক্ষিতত বহুখিনি কাম সম্পন্ন হৈছে।
উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰাকৃতিক গেছ সহজলভ্য কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ সহযোগত ইন্দ্ৰধনুছ গেছ গ্রীড লিমিটেডে হাইড্ৰকাৰ্বন পাইপলাইন প্ৰকল্পৰ কাম হাতত লৈছিল। ব্ৰহ্মপুত্ৰৰ তলত চলি থকা আৰু নদী দ্বীপ মাজুলীক উজনি অসমৰ যোৰহাটৰ সৈতে সংযোগ কৰা এছিয়াৰ আটাইতকৈ দীঘল পানীৰ তলৰ হাইড্ৰ’কাৰ্বন পাইপলাইনটোৱে উত্তৰ-পূবত প্ৰাকৃতিক গেছ সুলভ কৰাৰ বাবে অসম চৰকাৰৰ প্ৰচেষ্টাক এক গুৰুত্বপূৰ্ণ উৎসাহ প্ৰদান কৰিছে। ইন্দ্ৰধনুছ গেছ গ্রীড লিমিটেডৰ চি ই অ’ অজিত কুমাৰ ঠাকুৰে জনোৱা মতে পথালি দিশীয় ড্ৰিলিং (এইচ ডি ডি) কৌশল ব্যৱহাৰ কৰি ২৪ ইঞ্চি ব্যাসৰ পাইপলাইন স্থাপনৰ কঠিন কাম ইতিমধ্যে সমাপ্ত হৈছে। উত্তৰ-পূব গ্ৰিড (এন ই জি জি) প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হৈছে ব্ৰহ্মপুত্ৰ এইচ ডি ডি সম্পূৰ্ণ হোৱা, যি উত্তৰ-পূবক ৰাষ্ট্ৰীয় গেছ গ্ৰিডৰ (এন জি জি) সৈতে সংযোগ কৰে। আই জি জি এল প্ৰকল্পটোৰ ৭১ শতাংশ কাম সম্পূৰ্ণ হৈছে। ২০১৪ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত এন ই জিৰ গুৱাহাটী-নুমলীগড় অংশ সম্পূৰ্ণ হ’ব। আই জি জি এল-এ ১৬৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এন ই জি প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্পটো ৰূপায়ণ কৰি আছে, যাৰ ব্যয় হৈছে ৯২৬৫ কোটি টকা। পাইপলাইনটো ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য পানীৰ চেনেলটো ৪০৮০ মিটাৰ লৈকে বিস্তৃত হৈ আছে।
ব্ৰহ্মপুত্ৰৰ তলেৰে প্ৰাকৃতিক গেছৰ পাইপ লাইন নির্মাণৰ কাম সম্পূর্ণ
