২৫ এপ্ৰিল , চিৰাং:বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৰ নেতৃত্বাধীন ওদালগুৰি জিলাৰ ভেৰগাঁও উন্নয়ন খণ্ডৰ ভোলাটাৰ ভিচিডিচিত প্ৰধানমন্ত্ৰী আৱাস যোঁজনাত ব্যাপক অনিয়ম তথা কেলেংকাৰীৰ অভিযোগ উঠিছে ৷ প্ৰতি মুহূৰ্ত্ততে বিভিন্ন সভা-সমিতিয়ে পৰিৱৰ্তনৰ শ্লোগান দি ফটাঢোল কোবোৱা প্ৰমোদ বড়োৰ সঘনাই দেখা দিব ধৰিছে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত প্ৰতিচ্ছবি । বৰ্তমান বিটিআৰত একাংশ ভিচিডিচিৰ চেয়াৰমেন তথা নেতা পালিনেতাৰ বাবে দূৰ্নীতি অনিয়ম অতপালিৰ বাবে ত্ৰাহিমধুসূদন সোঁৱৰিছে সাধাৰণ জনতা দুখীয়া দৰিদ্ৰ লোকে ৷ দুখীয়া দৰিদ্ৰৰ নামত অহা চৰকাৰী আঁচনিৰ ধন গো গ্ৰাসে গিলিছে একাংশ নেতা পালিনেতাই , তথাপিও ব্যাপক কমিছনৰ আশাত চকু মুদা কুলিৰ ভাওঁ ধৰি আছে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়োৱে ৷ ইতিমধ্যে শাসনৰ এটা কাল পাৰ নহওঁতেই দুৰ্নীতিৰ ক্ষেত্ৰত হাগ্ৰামাৰ সোঁতৰ বছৰীয়া ৰেকৰ্ড তিনিটা বছৰতে ভংগ কৰিবলৈ সক্ষম হৈছে প্ৰমোদ বড়োৰ বিটিআৰ চৰকাৰ ৷ ইউ-পি-পি-এল ৰ একাংশ নেতা কৰ্মীৰ অতপালিৰ বাবেই অৰুনোদয় , বৃদ্ধ পেঞ্চন কিম্বা প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বঞ্চিত প্ৰকৃত হিতাধিকাৰী ৷ এটাৰ পিছত এটাকৈ পোহৰলৈ আহিছে ভেৰগাঁও উন্নয়ন খণ্ডৰ ব্যাপক অনিয়ম দুৰ্নীতি । এইবাৰ ননৈ চেৰফাং সমষ্টিৰ ভোলাটাৰ ভিচিডিচিত দেখা গৈছে ভিচিডিচি চেয়াৰমেনৰ নিজৰ ময়মতালিৰে চলাই আহিছে কাম-কাজ । ভিচিডিচি খনৰ অধ্যক্ষ ৰাজীৱ তামাং আৰু একাংশ নেতাৰ বাবেই ভোলাটাৰত চৰকাৰী আঁচনিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি ৷ বহু যোগ্য হিতাধিকাৰী বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰা ৷ বিপৰীতে ধনৰ বিনিময়ত এইখন ভিচিডিচিত বহু স্বচ্ছল তথা অযোগ্য হিতাধিকাৰীয়ে চৰকাৰী আঁচনিত নিজৰ নাম অন্তভূক্ত কৰিবলৈ সক্ষম হৈছে ৷ ইফালে গৃহহীন লোকক আৱাস গৃহ আৱন্টন দিয়াৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা পাঁচ হাজাৰকৈ টকা দাবী কৰাৰ অভিযোগ উথ্থাপন হৈছে খোদ ভিচিডিচিৰ অধ্যক্ষৰ বিৰুদ্ধে ৷ তদুপৰি ঠিকাদাৰী ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মান কৰিছে যাৰ ফলত অতি নিম্ন মানৰ সামগ্ৰীৰে গৃহ সমূহ নিৰ্মাণ কৰি ধন আত্মসাৎ কৰি আহিছে একাংশ ঠিকাদাৰৰূপী নেতা পালিনেতাই ৷ ভিচিডিচি খনত কোনো হিতাধিকাৰীয়ে নিজে ঘৰসমূহ নিজাকৈ নিৰ্মাণ কৰিবলৈ বিচাৰিলেও হিতাধিকাৰীক নিৰ্মাণ কৰিবলৈ বাধা আৰোপ কৰি আহিছে ৷। যিসকলে নিজে নিৰ্মাণ কৰিছে তেওঁলোককো বিভিন্ন অজুহাত দেখুৱাই দ্বিতীয় কিস্তিৰ ধনৰ লগতে জৱ কাৰ্ডৰ ধন মোকলাই নিদি হাৰাশাস্তি কৰি আহিছে অধ্যক্ষ ৰাজীৱ তামাঙে ৷ ভোলাটাৰৰ বহুকেইটা গৃহহীন পৰিয়ালে এটা ঘৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে ভিচিডিচি খনৰ স্বয়ং অধ্যক্ষই নিজৰ ঘৰত তিনিটাকৈ চৰকাৰী ঘৰ আৱন্টন দিয়া কাৰ্যত এতিয়া প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ভিচিডিচি খনত ৷ প্ৰশ্ন হয় এনেদৰে নিজৰ ময়মতালিৰে কাম কাজ চলাই অহা নেতা পালিনেতা ঠিকাদাৰ চেয়াৰমেনৰ বিৰুদ্ধে নাকি লগাবলৈ সক্ষম হ’ব নে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো । আমাৰ এই বাতৰি পৰিৱেশনৰ পিছত গা লৰিবনে বিভাগীয় কৰ্তৃপক্ষ তথা পৰিৱৰ্তনৰ ফটা ঢোল বজাই সভা সমিতিয়ে দাংকোপ মাৰি অহা পৰিৱৰ্তনৰ শ্লোগান দিয়া দুৰ্নীতিৰ মুকুটবিহীন মহা সম্ৰাট কমিচনখোৰ প্ৰমোদ বড়ো আৰু দুৰ্নীতি মুক্ত অসম গঢ়িব বিচৰা ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰীৰ সেইটো লক্ষণীয় হৈ পৰিব ।
দুৰ্নীতিৰ মুকুটবিহীন সম্ৰাট প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত দুৰ্নীতিয়েই হৈ পৰিছে নীতি ওদালগুৰিৰ ভোলাটাৰ ভিচিডিচিত প্ৰধানমন্ত্ৰী আৱাস যোজনাত কেলেংকাৰী
