Fearless Press

মানকাচৰৰ সুখচৰত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গড়াখহনীয়া গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে অচিৰেই বিলীন হ’ব সুখচৰ বেপাৰীপাৰা সংযোগী দলং

হাটশিঙীমাৰী, ২৫ এপ্ৰিলঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত সুখচৰত চলিছে ব্ৰক্ষ্মপুত্ৰ নদীৰ ব্যাপক গড়াখহনীয়া। জানিব পৰা মতে উক্ত অঞ্চলৰ বেৰাভাংগা, হাজিৰহাট, সুখচৰ, মালিৰআলগা, কোকৰাডাঙা, পাটাকাটা আদি অঞ্চলৰ প্ৰায় ৫ হেজাৰ ঘৰ বাৰী ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীৰ গৰ্ভত বিলীন হৈছে। এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাস্তা ঘাট সম্পূৰ্ণভাৱে নদীৰ গৰ্ভত বিলীন হৈছে। এই সন্দৰ্ভত লোকসভাৰ সাংসদ মৌলানা বদৰউদ্দিন আজমল আৰু স্থানীয় বিধায়ক আমিনুল ইছলামৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে। এতিয়ালৈকে এই অঞ্চল সমূহৰ স্থায়ীভাৱে প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। এই ঠাইখিনিৰ প্ৰতিৰোধ নকৰিলে অচিৰেই সুখচৰ বেপাৰীপাৰাৰ মাজত অৱস্থিত বৃহৎ পকী দলং খন নদীৰ গৰ্ভত যে বিলীন হ’ব সেয়া নিশ্চিত। সেয়েহে এই অঞ্চলটোৰ প্ৰতিৰোধৰ বাবে ৰাইজে জিলা প্ৰশাসনৰ লগতে চৰকাৰক দাবী জনায়। দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ লগতে চৰকাৰে উক্ত অঞ্চল সমূহ স্থায়ীভাৱে প্ৰতিৰোধৰ ক্ষেত্ৰত কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হে হব লক্ষণীয়৷

Exit mobile version