শিৱসাগৰ,২৬ এপ্ৰিলঃ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই নাজিৰাস্থিত অ’ এন জি চিৰ সভাকক্ষত সোমবাৰে শিৱসাগৰ জিলাৰ অন্তৰ্গত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মূৰব্বী বিষয়া আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বী বিষয়াৰ লগত এক পৰ্যলোচনা সভাত মিলিত হয়। সভাত বিশেষকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনি আৰু তেল আৰু প্ৰাকৃতিক গেছ আয়োগে সম্পাদন কৰি থকা কামৰ আৰু নিৰাপত্তা বাহিনীৰ মূৰব্বীৰ সৈতে নিৰাপত্তা সম্পৰ্কীয় বিষয়ত আলোচনা কৰা হয় ৷ এই পৰ্যালোচনা সভাত অ’ এন জি চিয়ে বৰ্তমানলৈকে তেল আৰু গেছ উৎপাদনৰ কাৰণে লোৱা ব্যৱস্থা আৰু সামাজিক উন্নয়নৰ কাৰণে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে পিপিটি পদ্ধতিৰে উপস্থাপন কৰে ৷ সভাত নিৰাপত্তা বাহিনীৰ তৰফৰ পৰাও সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰোপৰি জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী, কৃষি, স্বাস্থ্য, মীন, সমাজ কল্যান, গ্ৰামোন্নয়ন, লোকনিৰ্মাণ আদিকে ধৰি বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা উন্নয়নমূলক কামৰ খতিয়ান পিপিটি পদ্ধতিৰে ৰাজ্যপাল গৰাকীক অৱগত কৰে ৷ সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, অ’.এন.জি.চি অসম সম্পদৰ কাৰ্যবাহী পৰিচালক ৰাজেশ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া , অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, কৰ্মদেৱ ব্ৰহ্ম, সব্যসাচী কাশ্যপ আৰু ড° মন্দিৰা বৰুৱা, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন, সহকাৰী আয়ুক্ত নুজহত নাচৰিন, উপাসনা বৰা, সেনাবাহিনী, চিআৰপিএফ, কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ মুৰব্বী আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে ৷
অ’ এন জি চিৰ সভাকক্ষত আয়োজিত পৰ্যলোচনা সভাত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া
