Fearless Press

বিধায়ক পদ খাৰিজ হ’ব পাৰে কৰিমুদ্দিন বৰভূঞাৰ

গুৱাহাটী,২৭ এপ্রিলঃ বিধায়ক পদ খাৰিজ হ’ব পাৰে এ আই ইউ ডি এফৰ বহুবল্কী বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ। যাকলৈ বিধায়ক বৰভূঞাই এতিয়া আশংকাত ভুগিছে। বৰাকৰ সোণাই সমষ্টিৰ বিধায়কজনৰ বিৰুদ্ধে ভুৱা শিক্ষাগত অৰ্হতা দাখিলেৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ গোচৰ চলাটো নিশ্চিত হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰটোৰ আইনী প্রক্রিয়া চলাৰ পথ প্রশস্ত কৰিছে। উল্লেখ্য যে শিলচৰ জিলাৰ সোণাই সমষ্টিৰ এ আই ইউ ডি এফ দলৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে থকা ইলেকশ্যন পিটিশ্যনৰ (১/২০২১) গোচৰ নাকচ কৰিবলৈ দিয়া আৱেদন আদালতে খাৰিজ
কৰাৰ পাছতে সম্প্রতি গভীৰ সংকটত পৰিছে বিধায়কজন। তেওঁৰ আৱেদন খাৰিজ কৰাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে থকা নিৰ্বাচনত ভুৱা শিক্ষাগত অৰ্হতা দাখিল কৰাৰ গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হোৱাটো নিশ্চিত হৈছে। উল্লেখ্য যে শেহতীয়া বিধানসভা নিৰ্বাচনত তেওঁ নির্বাচন আয়োগক মনোনয়ন-পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত ভুৱা শিক্ষাগত অৰ্হতাৰ নথি দাখিল কৰিছিল বুলি তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল সোণাই
সমষ্টিৰ প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে। বিগত বিধানসভাত তেওঁ বিজেপি দলৰ বিধায়ক আছিল আৰু তেওঁ সেইবাৰ অসম বিধানসভাৰ উপাধ্যক্ষও আছিল। কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ভুৱা নথিৰে সমগ্ৰ সমষ্টিৰ ভোটাৰসকলক প্ৰবঞ্চনা কৰি নিৰ্বাচনত জয়ী হোৱাৰ গুৰুতৰ অভিযোগো উত্থাপন কৰিছিল আমিনুল হক লস্কৰে। শপতনামাত কৰিমুদ্দিন বৰভূঞাই নিজকে ডিগ্ৰীধাৰী বুলি ভুৱা তথ্য দাখিল কৰিছিল। এই ডিগ্ৰীৰ লগতে আন একাধিক তথ্যও ভুৱা আছিল বুলি তথ্য জনা আইনৰ অধীনত আৱেদন কৰি গুচৰীয়া পক্ষই তথ্য লাভ কৰিছিল। কৰিমুদ্দিন বৰভূঞাই দুৰ্নীতিৰ আশ্ৰয় লৈ জয়ী হোৱাৰ বাবে গোটেই নির্বাচনটোকে খাৰিজ কৰিবলৈ আদালতত গোচৰ দিছিল আমিনুল হক লস্কৰে। এই গোচৰটো গ্রহণযোগ্য নহয় বুলি অভিযোগ কৰি গোচৰটো নাকচ কৰিবলৈ আৱেদন (আই এ ১২৭৮/২০২১) কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিধায়ক কৰিমুদ্দিন বৰভূঞা। কিন্তু অৱশেষত ন্যায়ালয়ে তেওঁৰ আৱেদন খাৰিজ কৰে। আদালতে তেওঁৰ আৱেদন গ্রহণযোগ্য নহয় আৰু তেওঁৰ বিৰুদ্ধে তৰা গোচৰটোহে গ্ৰহণযোগ্য বুলি স্পষ্ট কৰে। এতিয়া তেওঁৰ বিৰুদ্ধে প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰে দিয়া গোচৰটো চলিব আৰু তেওঁ দাখিল কৰা নথি-পত্ৰৰ সত্যাসত্য সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হ’ব। বিচাৰ প্ৰক্ৰিয়াত কিবা কাৰণে যদি তেওঁ দোষী সাব্যস্ত হয় তেনেহ’লে আদালতে নির্বাচনটো খাৰিজ কৰাৰ লগতে তেওঁৰ বিধায়ক পদো খাৰিজ হোৱাটো নিশ্চিত।

Exit mobile version