Fearless Press

ৰঙিয়া মহকুমাধিপতিৰ প্ৰশাংসনীয় পদক্ষেপ চহৰক বান মুক্ত কৰাৰ লক্ষ্যৰে আজিৰে পৰা নলা পৰিস্কাৰ অভিযান

ৰঙিয়া ২৭ এপ্ৰিলঃ ৰঙিয়া চহৰখনক বানমুক্ত কৰাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মন আৰু ৰঙিয়া পৌৰ সভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰৰ নেতৃত্বত আজিৰে পৰা ৰঙিয়াত আৰম্ভ হৈছে নলা পৰিস্কাৰ অভিযান । ৰঙিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ শ্ৰমিক সকলকৰ সহযোগত মহকুমা প্ৰশাসনে নলা সমুহ এনেদৰে পৰিস্কাৰ অভিযান আৰম্ভ কৰাত মহকুমাধিপতি গৰাকীৰ লগতে পৌৰপতি গৰাকীক ধন্যবাদ জনাইছে চহৰ বাসীয়ে । উল্লেখযোগ্য যে ৰঙিয়া চহৰ খনৰ পানী সমুহ নলা সমুহৰে গৈ চহৰৰ মাজেৰে যোৱা বৰলীয়া নৈত পৰে যদিও একাংশ ব্যক্তিয়ে নলা সমুহ উপযুক্ত ভাবে ব্যৱহাৰ নকৰাত নলা সমুহ বন্ধ হোৱাৰ উপক্ৰম হৈছে । এনে এক সময়তে ৰঙিয়াৰ মহকুমাধিপতি দ্বীপন বৰ্মণৰ লগতে পৌৰপতি অমৰেন্দ্ৰ লহকৰ আৰু ৰঙিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা দীপক বৈশ্যই পৰিকল্পিতভাবে চহৰখনক বানমুক্ত কৰাৰ পৰিকল্পনা হাতত লয় । এনে পৰিকল্পনাৰ পিচতে ইয়াক বাস্তৱ ৰূপ দিয়াৰ উদ্দেশ্যে ৰঙিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ শ্ৰমিক কৰ্মচাৰী সকলৰ লগত ৰঙিয়া মহকুমাধিপতিৰ সভাকক্ষত মহকুমাধিপতি গৰাকীয়ে আলোচনাত মিলিত হয় । আলোচনাত মহকুমাধিপতি গৰাকীৰ লগতে ৰঙিয়া নিৰ্বাচন বিষয়া নিল হৰিৎ কৌশিক, পৌৰপতি অমৰেন্দ্ৰ লহকৰ, ৰঙিয়া ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্য্যবাহী বিষয়া দীপক বৈশ্য উপস্থিত থাকে ।সভাখনত মহকুমাধিপতি গৰাকীয়ে শ্ৰমিক কৰ্মচাৰী সকলক অধিক উৎসাহিত কৰি চহৰখন বান মুক্ত কৰাৰ বাবে শ্ৰমিক কৰ্মচাৰী সকলক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় । সেইমতে আজিৰ পৰা ৰঙিয়া চহৰত নলা পৰিস্কাৰ অভিযান আৰম্ভ হয় । নলাসমুহ পৰিস্কাৰ হৈ উঠেলে নিশ্চয় বহু পৰিমাণে ৰঙিয়া চহৰখন বানমুক্ত হৈ পৰিব ।

Exit mobile version