Fearless Press

নিযুক্তিৰ ক্ষেত্ৰত হোৱা অভাৰ লেপিঙকলৈ জাতীয় যুৱ বাহিনীৰ ব্যাপক প্ৰতিবাদ

গুৱাহাটী,২৮ এপ্ৰিলঃ নিযুক্তিৰ ক্ষেত্ৰত হোৱা অভাৰ লেপিঙৰ বিৰুদ্ধে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে আজি গুৱাহাটীৰ খানাপাৰাস্থিত ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি জাতীয় যুৱ বাহিনীয়ে আয়োগৰ অধ্যক্ষলৈ স্মাৰক পত্র প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীসকলে নিযুক্তিৰ ক্ষেত্রত মেৰিট লিষ্ট ঘোষণা কৰাৰ লগতে এখন ৱেটিং লিষ্ট ঘোষণা কৰি সকলো অভাৰ লেপিঙৰ সমস্যা দূৰ হোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰাৰ দাবী জনায়। লগতে যিসমূহ পদৰ বাবে সর্বোচ্চ শিক্ষাগত অৰ্হতা ধার্য কৰা হৈছে, সেইসমূহ পদত যাতে অধিক শিক্ষাগত অৰ্হতা থকা যুৱক-যুৱতীসকলে নিযুক্তি লাভ নকৰে তাৰ ব্যৱস্থা কৰাৰো দাবী জনায়। হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আয়োগৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে। পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যায়।

Exit mobile version