গুৱাহাটী,৩০ এপ্ৰিলঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক “মন কী বাত” অনুষ্ঠান শ্ৰৱণ কৰিলে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। ৰাজভৱনত প্ৰধানমন্ত্রীৰ ‘মন কী বাত’ উপভোগ কৰাৰ বাবে বিশেষ স্ক্ৰীণিঙৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে। ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীণিঙৰ আয়োজন কৰে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকে। ৰাজ্যপাল কাটাৰিয়াই তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ৰ জৰিয়তে ভাৰতৰ জনসাধাৰণৰ সৈতে সম্পর্ক স্থাপন কৰিছে আৰু ই নতুন ভাৰতৰ বাবে জনসাধাৰণৰ মনৰ ব্যাপ্তি সলনি কৰাত এক ভূমিকা পালন কৰিছে। লগতে এই অনুষ্ঠানটোৱে জনসাধাৰণৰ লগতে সমাজৰ আচৰণগত পৰিৱৰ্তনো প্রতিফলিত কৰিছে। ৰাজ্যপালগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ দূৰৱৰ্তী অঞ্চলত থকা লোকসকলৰ কাষ চাপিবলৈ ৰেডিঅ’ক যোগাযোগৰ মাধ্যম হিচাপে বাছনি কৰিছে। ‘মন কী বাত’ ৰেডিঅ’ৰ আটাইতকৈ জনপ্রিয়
অনুষ্ঠানসমূহৰ ভিতৰত এটা হৈ পৰিছে বুলি ৰাজ্যপালগৰাকীয়ে কয়। ৰাজ্যপালগৰাকীয়ে লগতে কয় যে প্রধানমন্ত্রী মোদীয়ে দেশৰ যুৱপ্ৰজন্মৰ সৈতে এক অনন্য সম্পর্ক স্থাপন কৰিছে আৰু তেওঁৰ ‘মন কী বাত’ৰ জৰিয়তে যুৱচামক উৎসাহিত কৰিছে। ভাষণ প্ৰসংগত কাটাৰিয়াই কয় যে ‘মন কী বাতে’ স্বচ্ছ ভাৰত অভিযান, ক’ভিড টীকাকৰণ আৰু হৰ ঘৰ ত্ৰিৰংগাৰ দৰে সামাজিক আন্দোলনত সমগ্ৰ দেশৰ সম্প্রদায়সমূহক অন্তর্ভুক্ত কৰি তথা তেওঁলোকক অনুপ্ৰেৰিত কৰি গণ আন্দোলনৰ এক কাৰ্যকৰী সঁজুলি হিচাপে আত্মপ্রকাশ কৰিছে। ৰাজভৱনত অনুষ্ঠিত এই বিশেষ স্ক্রীণিঙত অংশ গ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, অসমৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উত্তৰ-পূব অঞ্চলৰ সঞ্চালক প্রধান বি নাৰায়ণন, ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্রগুপ্ত কাশ্যপ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিং তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ
জ্যেষ্ঠ বিষয়াসকলে।
