Fearless Press

গোৰেশ্বৰৰ নিজকচুলাৰ মৃৎশিল্পীসকলে আজিও লাভ নকৰিলে শ্ৰমিকৰ মৰ্যদা

গোৰেশ্বৰ,১ মে’- বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা মৌজাৰ নিজকচুলা গাঁৱৰ প্ৰায় বত্ৰিশটা পৰিয়ালে অতীজৰে পৰা মৃৎ শিল্পৰ স’তে জড়িত হৈ আছে ।কিন্তু আজি মে’ দিৱসতো শ্ৰমিকক মৰ্যদা লাভ পৰা বঞ্চিত হৈছে শ্ৰমিকসকল। পূৰ্বপুৰুষৰ পৰম্পৰা মানি নিজকচুলাৰ হীৰা চুবুৰীৰ এই পৰিয়াল কেইটাই সাম্প্ৰতিক সময়ত মৃৎ শিল্পটোক জীয়াই ৰখাত সংগ্ৰাম কৰিবলগীয়া হৈছে। মূলত মহিলাসকল জড়িত এই শিল্পটোৰ লগত, পৰিয়ালৰ পুৰুষসকলে মাটি আদি সংগ্ৰহ কৰি দিয়াত সহযোগ কৰে। বৰ্তমান অধিক দামত মাটিও কিনি আনিবলগীয়া হৈছে এই শ্ৰমিকসকলে। শ্ৰমিকৰ অধিকাৰৰ কথা কোৱা মন্ত্ৰী -বিধায়ক নাহে নিজকচুলালৈ।
পূৰ্বপুৰুষৰ পৰম্পৰা মানি নিজকচুলাৰ হীৰা চুবুৰীৰ এই পৰিয়াল কেইটাই সাম্প্ৰতিক সময়ত মৃৎ শিল্পটোক জীয়াই ৰাখিব বিচাৰে যদিও বিভিন্ন অসুবিধাৰ বাবে এতিয়া এটা এটাকৈ পৰিয়ালসমূহে এই শিল্পটো এৰিবলৈ বাধ্য হৈছে । মহিলাসকলে এই শিল্পৰ জৰিয়তে স্বাবলম্বী হোৱাৰ লগতে চেষ্টা অব্যাহত ৰাখিছে নিজৰ আৰ্থিক স্থিতি অধিক টনকীয়াল কৰিবলৈ। কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন স্থানীয় জনপ্ৰতিনিধি। মহিলাৰ অধিকাৰৰ কথা কোৱা মন্ত্ৰী -বিধায়ক নাহে নিজকচুলালৈ। ইয়াৰ কাৰণো অৱশ্যে জনা নাযায়। শুক্লাই নৈৰ পাৰত অৱস্থিত নিজকচুলাৰ পৰিয়ালকেইটাৰ মুখ্য বৃত্তি হৈছে মাটিৰ বিভিন্ন বাচন – বৰ্ত্তন গঢ়া। বিশেষ ধৰণৰ হীৰা মাটিৰে এওঁলোকে বাচন গঢ়ে বাবে এওঁলোকক হীৰা সম্প্ৰদায়ৰ লোক বুলিও জনা যায়। মহিলাসকলে দিনে – নিশাই শ্ৰম কৰি সাজি উলিয়াই কলহ, কুমাৰৰ চৰু, ধূনাৰ পাত্ৰ, চাকি, ঘট, লুৰকী, বাটমালা, কুমাৰ টেকেলী আদি বিভিন্ন পাত্ৰ। কোনো ধৰণৰ চাক ব্যৱহাৰ নকৰাকৈ এই সমূহ মাটিৰ পাত্ৰ গঢ়াতো এই শিল্পটোৰ এক বৈশিষ্ট । এচটা কাঠেৰে বিশেষ ধৰণৰ শিলত পিটি – পিটি গঢ়া হয় এই বাচনসমূহ। হীৰাসকলৰ এই শিল্পটোৰ অসমৰ চহা সমাজ জীৱনত আছে এক বিশেষ মহত্ব। বিয়া সবহকে ধৰি উৎসৱ – পাৰ্বণ আদিত এই মাটিৰ পাত্ৰ সমুহৰ বিশেষ প্ৰয়োজন। পূজা পাতাল আদিতো খুবেই প্ৰয়োজন হয় এইবোৰৰ। কিন্তু সময়ৰ লগে লগে প্লাষ্টিক জাতীয় সামগ্ৰীয়ে বজাৰ দখল কৰাৰ লগে লগে মৃৎ শিল্পটোৰ ওপৰত কুপ্ৰভাৱ পৰিছে । এতিয়া বজাৰত এওঁলোকে মাটিৰ বাচন বিক্ৰী কৰি পৰিয়াল পোহ পাল দিয়াই কঠিন হৈ পৰিছে । নিজা উদ্যোগ থকাৰ পিছতো বহু পৰিয়ালে উপায় বিহীন হৈ এৰিব লগা হৈছে পূৰ্বপুৰুষৰ পৰা পোৱা বৃত্তিটো। যি বিশেষ মাটিৰে হীৰাসকলে বাচন গঢ়ে সেই মাটিও আমিনগাঁও, হাজো, উত্তৰ গুৱাহাটী আদিৰ পৰা বহু খৰচ ভৰি কিনি আনিব লগা হয়। আনহাতে মাটি বাচনৰ চাহিদা দিনক দিনে কমি যোৱা বাবে এতিয়া বৰ কষ্ঠৰে পৰিয়াল তথা ল’ৰা – ছোৱালীৰ পঢ়া শুনাৰ খৰচ উলিয়াব লগা হৈছে পৰিয়ালসমূহে।ইফালে নিজকচুলা গাঁওখনৰ ভৌগলিক যি অৱস্থিতি সেয়া বৰ কষ্ঠদায়ক গাঁওবাসীৰ বাবে। প্ৰতি বছৰে পুথিমাৰী-শুক্লাই আদি নদীৰ গৰাখহনীয়া -বানপানীত জুৰুলা হোৱাৰ পিছত আকৌ খৰালি বনৰীয়া হাতীৰ তাণ্ডৱ। খেতি খলা কৰিও খাব নোৱাৰা এক পৰিবেশ। এতিয়ালৈকে গৰাখহনীয়াত বহু মাটি নদীৰ বুকুত হেৰুৱাৰ পিছতো কষ্ঠৰে হীৰা চুবুৰীৰ লোকলকলে জীয়াই ৰাখিছে মৃৎ শিল্পটোক ।অঞ্চলটোৰ জনপ্ৰতিনিধি শুক্লাই চেৰফাং সমষ্টিৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰী ,বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সকল মৃৎ শিল্পীক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। শিল্পটোক জীয়াই ৰখাৰ বাবে চৰকাৰীভাবে সহায় সহযোগিতাৰ প্ৰয়োজন যদিও আজিকোপতি স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ সহযোগিতা আগবঢোৱা নাই বুলি মৃৎশিল্পী সকলে ক্ষোভ প্ৰকাশ কৰিছে। মহিলাৰ স্বাবলম্বিতা, নাৰী অধিকাৰ, নাৰী মুক্তি আদিৰ কথা কোৱা অজিৰ সমাজে অকণমান চিন্তা কৰিবনে শিল্পটোক জীয়াই ৰাখিবলৈ?বেতনা মৌজাৰ মৃৎ শিল্পীসকল চৰকাৰে উপযুক্ত পৰিৱেশ প্ৰদানৰ জৰিয়তে অঞ্চলটোৰ এটা ক্ষুদ্ৰ উদ্যোগক জীয়াই ৰখাত অৰিহণা যোগাবলৈ দাবী জনাইছে গোৰেশ্বৰৰ সচেতন মহলে। এই উদ্যোগৰ সৈতে জৰিয়ত পৰিয়ালসমুহক উৎসাহিত কৰাৰ লগতে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতাৰ মানসিকতাৰে অঞ্চলটোৰ এক ঐতিহ্য জীয়াই ৰাখিবলৈ জনপ্ৰতিনিধিসকলে গুৰুত্ব প্ৰদান কৰি পুনৰ বেতনা মৌজাৰ একমাত্ৰ মৃৎ শিল্পক জীপাল কৰি তুলিবলৈ আজি শ্ৰমিক দিৱসত দাবী জনাইছে নিজকচুলাবাসীয়ে।

Exit mobile version