Fearless Press

মৰাণৰ বুঢ়ীদিহিং নদীত বৰশী বাবলৈ আহি সন্ধানহীন হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

মৰাণ, ১মে ঃমৰাণৰ সমীপৰ খোৱাঙৰ বুঢ়ীদিহিং নদীত বৰশী বাবলৈ আহি সন্ধানহীন হোৱা ব্যক্তিজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হৈছে । মৰাণৰ হালমাৰী চাহবাগিছাৰ জোগনো তাঁ‌তী (৪২) নামৰ ব্যক্তিজনে কালি সমনীয়াৰ সৈতে বুঢ়ীদিহিং নদীত বৰশী বাবলৈ আহি নদীৰ বুকুত সন্ধানহীন হৈ আছিল । ডিব্ৰুগড়ৰ এচ ডি আৰ এফে কালি নদীত সন্ধান চলাইছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে । আজি পুনৰ এচ ডি আৰ এফে নদীত অভিযান চলাই ব্যক্তিজনৰ মৃতদেহ নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰে । উল্লেখযোগ্য যে ব্যক্তিজনে কালি বৰশী বায় থকাৰ অৱস্থাতে মৃগী বেমাৰ উকাই নদীত পৰি সন্ধানহীন হৈছিল ।

Exit mobile version