কচুৱা, ২মে’ঃযোৱা নিশা নগাঁও জিলাৰ কচুৱাৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে। কচুৱাৰ জুৰিৰপাৰ ,শিঙিমাৰী,মাধৱপাৰা, লংজাপ আদি কে ধৰি বহু কেইখন গাঁৱত প্ৰচণ্ড ধুমুহাৰ ফলত ঘৰ দুৱাৰ গছ গছনি ভাঙি ছিগি চুৰ মাৰ কৰাৰ লগতে বহু কেইখন গাঁৱৰ বিদ্যুৎ তাঁৰ ছিঙি যোৱাত বিদ্যুৎ সেৱা কৰ্তন কৰি দিয়া হৈছে।।ইপিনে কচুৱাৰ শিঙিমাৰী জিতগাও মুচফিদুল ইছলাম নামৰ এজন লোকৰ ব্রইলাৰ ফ্ৰামৰ ঘৰ দুৱাৰ প্ৰচণ্ড ধুমুহাই ভাঙি পেলোৱাই ফলত ঘৰৰ ভিতৰতে প্ৰায় ৮০০ ব্রইলা মৰি যোৱাত চিন্তিত হৈ পৰিল । উল্লেখযোগ্য যে এই যুৱকজনে ব্রইলাৰ ফ্রামৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দি আহিছিল যদিও প্ৰচণ্ড ধুমুহাই ব্রইলাৰ ফ্রামৰ ঘৰ দুৱাৰ ভাঙি ছিগি আৰু বহু ব্রইলাৰ ক্ষতি সাধন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে।। চৰকাৰক এই ক্ষেত্ৰত আথিক সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে সচেতনমহলে ।
কচুৱাৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিত বিস্তৰ ক্ষতিসাধন
