গুৱাহাটী,৭ মে’ : আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ নেতৃত্বত দেওবাৰে এটা প্রতিনিধি দলে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক সাক্ষাৎ কৰি গুৱাহাটীৰ অনিল নগৰত মন্ত্ৰী অশোক সিংহলত পুত্ৰৰ মালকাধীন প্র’টেক হাউছিঙে নিয়ম বহির্ভূতভাৱে ২২ মহলীয়া অট্টালিক নিৰ্মাণ কৰা সন্দৰ্ভত হস্তক্ষেপ বিচাৰি এক স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখ্য যে মহানগৰীৰৰ অনিল নগৰত মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ প্ৰতিষ্ঠান প্র’টেক হাউছিঙে অনিয়মেৰে ২২
মহলীয়া অট্টালিকা নিৰ্মাণ কৰি থকাৰ কথা আপে সংবাদমেল যোগে ৰাজহুৱা কৰিছিল। এই সন্দৰ্ভত ২ মে’ত ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল। স্মাৰক পত্ৰৰ বিষয় সন্দৰ্ভত ৰাজ্যপালক সাক্ষাৎ কৰি আলোচনা কৰিবৰ বাবে আজি আপৰ অসমৰ এটা সজাতি দলক ৰাজভৱনলৈ আমন্ত্রণ জনোৱা হয়। সেই উদ্দেশ্যেৰে আজি আপৰ প্রতিনিধি দলটোৱে ৰাজ্যপালৰ লগত এক আলোচনাত মিলিত হয়। দলটোৱে প্ৰ’টেক হাউচিঙৰ কেলেংকাৰীৰ লগতে ৰাজ্যৰ আন কেতবোৰ সমস্যাৰ সমাধানৰ বাবে স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে জি এম ডি এ আৰু গুৱাহাটী পৌৰ নিগমৰ সকলো নীতি নিয়ম জলাঞ্জলি দি গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে তেওঁৰ পুত্ৰৰ মালিকাধীন প্র’টেক হাউছিং নামৰ প্ৰতিষ্ঠানটোক অনিল নগৰত ২২ মহলীয়া অট্টালিক নিৰ্মাণৰ অনুমতি দিয়াৰ বিৰুদ্ধে ৰাজ্যপাল মহোদয়ৰ হস্তক্ষেপ বিচাৰে দলটোৱে। কাৰণ নির্মীয়মান অট্টালিকাটোৰ পথৰে এখন অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰ লগতে দুখন চাৰিচকীয়া বাহন একেলগে পাৰ হ’ব নোৱাৰে। যাৰ বাবে পথটোত অইন সাধাৰণ লোকক প্রথম বা দ্বিতীয় মহলাতকৈ বেছি উচ্চতাৰ ঘৰ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা হোৱা নাই। তেনেস্থলত কেনেদৰে ২২ মহলীয়া অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। আনহাতে স্মাৰকপত্ৰৰ জৰিয়তে ৰাজ্যত বৃদ্ধি পোৱা নাৰী তথা শিশু নির্যাতন, ধৰ্ষণ আদি ৰোধৰ বাবে ব্যৱস্থা লোৱা, মহানগৰীৰ বাসিন্দাৰ খোৱা পানীৰ সমস্যা, বৰ্ধিত বিদ্যুৎ মাছুল, চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা, নিযুক্তি পৰীক্ষাৰ কেবাটাও পদত এজন প্ৰাৰ্থী বাছনি হোৱাৰ বিপৰীতে অপেক্ষাৰ তালিকাৰ ব্যৱস্থা কৰা আদি বিষয় আলোচনা কৰে। ৰাজ্যপাল কাটাৰীয়াই বিষয়সমূহ পর্যবেক্ষণ কৰি পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলি সাংবাদিকৰ আগত আপৰ নেতা জিতুল ডেকাই সদৰী কৰে।
প্র’টেক হাউছিঙৰ নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে ৰাজ্যপালক স্মাৰকপত্র দিলে আপে
