গুৱাহাটী,১০ মে’ : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে বদলি কৰা হৈছে। জানিব পৰা মতে মুখ্যমন্ত্রীৰ নিৰাপত্তাত সুৰুঙা ৰখাৰ বাবেই গৃহ বিভাগৰ ৰোষত পৰিছে তিনিজন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাত গাফিলতি কৰাৰ অভিযোগত তিনিগৰাকী এ পি এছ বিষয়াক তাৎক্ষণিকভাৱে বদলি কৰিছে গৃহ বিভাগে। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মঙলবাৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়ন, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক বদলি কৰে। অভিযোগ অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুবছৰীয়া কার্যকালৰ বর্ষপূর্তিৰ লগত সংগতি ৰাখি মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটোত ব্যক্তিগত খণ্ডৰ আঠটাকৈ কোম্পানীয়ে ৮,২০১ কোটি টকা বিনিয়োগৰ বাবে অসম চৰকাৰৰে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল। এই অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মুখ্যমন্ত্ৰী নিৰাপত্তাত থকা বিষয়াৰ দায়িত্বহীনতাৰ বাবে হঠাতে বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ একেবাৰে কাষ পাইছিল। নিৰাপত্তাৰ এই গাফিলতিক লৈ আনকি অসন্তুষ্ট হৈ পৰিছিল খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্রই তাৎক্ষণিকভাৱে এটা নির্দেশনা যোগে কৰ্তব্যৰত তিনিওজন আৰক্ষী অধীক্ষককে বদলি কৰে। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত থকা আৰক্ষী অধীক্ষক গুণেন্দ্র ডেকাক দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰে। সেইদৰে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়নক কাহিলীপাৰাৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়। আনহাতে মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা আন এজন আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হয়। ইয়াৰ বিপৰীতে অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মণ্টু ঠাকুৰীয়াক মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়। সেইদৰে অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক জয়ন্ত সাৰথি বৰাকো মুখ্যমন্ত্রীৰ নিৰাপত্তাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়। আনহাতে দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ
অধিনায়ক টাবু ৰাম পেগুকো মুখ্যমন্ত্ৰী নিৰাপত্তাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়।
