হাটশিঙীমাৰী, ১০ মেঃ- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি আছে ভাৰত বাংলাদেশ সীমান্তত পহৰাৰত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলে৷ ভাৰত-বাংলাদেশ উন্মুক্ত নদী পথেৰে চোৰাং গৰু বাংলাদেশলৈ সৰবৰাহৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে সৰবৰাকাৰী সকলে৷ আজি ভাৰত-বাংলাদেশ সীমান্তৰ হাতীৰ চৰেদি বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰাৰ সময়ত পাঁচটা পশুধন সহ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে আটক কৰে দুজন সৰবৰাহকাৰীক। ৪৯ নং বি এন বি এছ এফয়ে আটক কৰা ধৃত চোৰাং সৰবাহকাৰী দুজন হাটশিঙিমাৰীৰ সুখচৰ থানাৰ এলেকাৰ ছালাপাৰা গাঁৱৰ দ্বিতীয় খণ্ডৰ মফিদুৰ ইছলাম দেৱানেৰ আলগা প্ৰথম খণ্ড গাঁৱৰ শুকুৰ আলী মোল্লা বুলি জনিব পৰা গৈছে। ইতিমধ্যে বি এছ এফয়ে দুজন সৰবৰাহকাৰী সহ দুটা ম’হ আৰু তিনিটা চোৰাং গৰু সুখচৰ আৰক্ষী থানাত গতাই দিয়ে। সম্প্ৰতি,আৰক্ষীয়ে ঘটনা সংক্ৰান্তত গোচৰ পঞ্জিয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।
হাটশিঙীমাৰীৰ ভাৰত-বাংলা সীমান্তৰে অব্যাহত চোৰাং গৰুৰ ৰমৰমীয়া বেহা
