Fearless Press

মছজিদৰ দানপাত্ৰৰ পৰা চোৰে লুটি নিলে ধন

মৰাণ,১৬ মে’ : চোৰৰ অতপালিত এতিয়া ত্ৰস্তমান মৰাণৰ ৰাইজ। মন্দিৰ, মছজিদ, নামঘৰ একোৱেই সাৰি যোৱা নাই চোৰৰ হাতৰ পৰা। এইবাৰ চোৰৰ হাতুৰীৰ কোব পৰিল মছজিদত। যোৱানিশা মৰাণৰ জামে মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰ টকা। তিনিটাকৈ দানপাত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰ। যাৰ বাবে ৰাইজ হতচকিত হৈ কাষ চাপিছে আৰক্ষীৰ। মৰাণ নগৰৰ নিচেই কাষতে থকা মছজিদটোত এনেদৰে চোৰে লুটপাট চলোৱাত আৰক্ষীৰ নিৰাপত্তাক লৈও প্ৰশ্ন তুলিছে ৰাইজে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মৰাণ নগৰৰ নিচেই কাষতে থকা কেইবাটাও নামঘৰ আৰু মন্দিৰত চোৰে চাফাই অভিযান চলাই বহু মূল্যবান সামগ্ৰী লুটি নিছিল।

Exit mobile version