Fearless Press

গুৱাহাটীত ৰোজগাৰ মেলাত ২১৭ গৰাকী নিবনুৱাক নিযুক্তি পত্র প্ৰদান

গুৱাহাটী,১৬ মে’ : ৰোজগাৰ মেলাৰ যোগেদি মঙলবাৰে ৰাজ্যৰ ২১৭ গৰাকী নিৱনুৱাক নিযুক্তি পত্র প্ৰদান কৰা হয়। গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা ৰোজগাৰ মেলাত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে নিযুক্তি পত্র বিতৰণ কৰে। উল্লেখ্য যে আজি দেশৰ ৪৫টা স্থানত ৰোজগাৰ মেলাৰ বিশাল আয়োজন কৰা হয়। তাৰেই অংশ হিচাপে গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ চেণ্টাৰত ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। য’ত ২১৭ গৰাকী নিবনুৱাক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে আগন্তুক সময়ত উত্তৰ-পূব নৱভাৰতৰ নতুন ইঞ্জিন হ’ব। ৯ বছৰত উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য আগবাঢ়ি গৈছে। অৰ্থনৈতিক দিশত ভাৰতবৰ্ষ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুৱশক্তিৰ সৱলীকৰণৰ বাবে ৰোজগাৰ মেলাৰ যোগেদি সুযোগ প্ৰদান কৰিছে। এই মেলাৰ যোগেদি ১০ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আজি পঞ্চম পৰ্যায়ত নিযুক্তি পত্র দিয়া হ’ল বুলি তেওঁ সদৰি কৰে। তেওঁ কয় যে এতিয়ালৈকে চাৰে তিনি লাখৰো অধিক যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে। অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে দেশজোৰি বিভিন্ন স্থানত চলা ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশ গ্ৰহণ কৰে। আজি ৰোজগাৰ মেলাৰ অধীনত প্ৰায় ৭১ হাজাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।

 

Exit mobile version