Fearless Press

ছাইবাৰ অপৰাধৰ ঘাটিত পৰিণত হৈছে মৈৰাবাৰী

মৈৰাবাৰী,১৯ মে’ : মৈৰাবাৰী ছাইবাৰ অপৰাধৰ ঘাটিত পৰিণত হৈছে। এই কথা সদৰি কৰিছে খোদ মৰিগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে। মৈৰাবাৰী থানাৰ উদ্যোগত দুৰাবান্ধী মাধ্যমিক বিদ্যালয়ত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এক সজাগতা সভাত ভাগ লৈ এইদৰে মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। উল্লেখ্য যে মৰিগাঁও জিলাৰ ভিতৰতে মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যা শীৰ্ষত। সেয়েহে জিলাখনত ড্ৰাগছ নিৰ্মূল কৰণৰ পাইলট প্ৰজেক্ট প্ৰথমে মৈৰাবাৰীতে জিলা প্ৰশাসনে আৰম্ভ কৰিছে। এই পাইলট প্ৰজেক্টৰ কামৰ অংশস্বৰূপে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকক সজাগ সচেতন কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছে সজাগতা সভা। আৰক্ষী অধীক্ষক গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, ছাইবাৰ অপৰাধীয়ে ভাবে অপৰাধ সংঘটিত কৰাৰ কোনো তথ্য প্ৰমাণ আৰক্ষীয়ে উলিয়াব নোৱাৰিব, কিন্তু এই প্ৰযুক্তিবিদ্যাৰ যুগত তথ্য প্ৰমাণ থাকিয়েই যায়। সেয়েহে এনে বেআইনী কাৰ্যৰ পৰা যুৱক সকল আঁতৰি থাকিব লাগে। আনহাতে ড্ৰাগছে এজন ব্যক্তি বিশেষক শাৰীৰিক মানসিক ভাবে ধ্বংস কৰাৰ লগতে পৰিয়াল আৰু সমাজখনক ধ্বংস কৰি দিয়ে। সেয়েহে ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছসেৱনকাৰীৰ বিৰুদ্ধে কঠোৰতা অৱলম্বন কৰাৰ লগতে তেনে ব্যক্তি সকলক ভাল পথলৈ উভতাই অনাৰ প্ৰচেষ্টাও হাতত লোৱাটো প্ৰয়োজন বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। এই ক্ষেত্ৰত সকলো পক্ষৰ সহায় সহযোগিতা কামনা কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে। সজাগতা সভাখনত শিক্ষক সমাজ, ছাত্ৰ সমাজ, জ্যেষ্ঠ নাগৰিক, মহিলা, গাঁওৰক্ষী বাহিনীকে ধৰি বহুসংখ্যক স্হানীয় ব্যক্তি উপস্থিত থাকে।

 

Exit mobile version