Fearless Press

ভুমি বিবাদৰ বাবে হৈছে দুটা ফৈদৰ মাজত প্ৰচণ্ড সংৰ্ঘষ

কচুৱা, ১৯মে’:নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত কাজিৰঙাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । ভুমি বিবাদৰ বাবে হৈছে দুটা ফৈদৰ মাজত সংৰ্ঘষ। আলম, নুৰ মোহামদ,আৰু হৰজত আলী নামৰ লোক কেইজনে ফাইজু আৰু ৰাজু লগতে দুগৰাকী মহিলাকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰ ভাবে জখম কৰে।ফাইজু আৰু ৰাজু আহামেদক কচুৱা মডেল হস্পিটালত প্ৰাথমিক চিকিৎসা বাবে লৈ যোৱা হয় যদিও অতি সংকটজনক হোৱাত নগাঁও লৈ প্ৰেৰণ কৰে।পূৰ্বৰ পৰা দুয়োটা পৰিয়ালৰ মাজত ভূমি কেন্দ্ৰীক সংঘাত হৈ অহা বুলি জানিব পৰা গৈছে।

Exit mobile version