গুৱাহাটী,১৯ মে’ : সময়ৰ লগে লগে পৰিৱেশ-পৰিস্থিতি বহু সলনি হৈ গ’ল। ৰাজ্যৰ ৰাজনীতিত এতিয়া প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰায় নিষ্ক্ৰিয়। দুবাৰকৈ অসমৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ দিছপুৰস্থিত বাসগৃহত শুকুৰবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। খবৰ ল’লে একালৰ সতীৰ্থৰ। অৱশ্যে ইয়াত কোনো ৰাজনীতি নাই, এয়া মাথো আন্তৰিকতা। এসময়ত দুয়ো অগপৰে আছিল। বাসগৃহত উপস্থিত হৈ সোণোৱালে খা-খবৰ লোৱাৰ লগতে মহন্তৰ স্বাস্থ্যৰ বুজ ল’লে। লগতে তেখেতৰ সহধৰ্মিণী, লেখিকা ড° জয়শ্ৰী গোস্বামী মহন্ত আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতেও বাৰ্তালাপ কৰে সোণোৱালে।
প্ৰফুল্ল কুমাৰ মহন্তৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল
