কচুৱা, ২৩ মে’ঃনগাঁও জিলাৰ কচুৱাৰ মাধৱপাৰাত অৱস্থিত ঐতিহাসিক মাধৱথানলৈ বৰপানী নদীৰ প্ৰৱল খহনীয়াই পুনৰ ভাবুকি নমাই আনিছে।উল্লেখ্য যে ৰহা সমষ্টিৰ অন্তৰ্গত মাধৱপাৰাত বিগত সৰ্বানন্দ সোনোৱাল চৰকাৰৰ দিনত খহনীয়া ৰোধৰ বাবে পূবে এক কোটি ন লাখ টকা ব্যায় সাপেক্ষে এটা শৈল্য বান্ধ নিমাৰ্ণ কৰিছিল । কিন্তু বাৰিষা অহাৰ পূৰ্বে দুই এদিনৰ নেৰানেপেৰা বৰষুণৰ ফলতেই এই শৈল্য বান্ধটো পকী পথ সহ খহি যোৱাত তীব্ৰ ভাবুকি সৃষ্টি হৈছে ঐতিহাসিক থানখনৰ লগতে সমগ্ৰ কচুৱা অঞ্চলত।অভিযোগ মতে বৰপানী নদীৰ পৰা মাত্র ৫০ মিটাৰ দূৰত অৱস্থিত শ্রী শ্রী মাধৱ থানলৈ এক প্ৰকাৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে জুৰিৰপাৰ, শিঙিমাৰী, লংজাপ, আদি কৰি প্ৰায় বিশ খনকৈ অধিক গাঁৱৰ লোকে এই একমাত্ৰ সংযোগী গড়কাপ্তানী পথটোৱেদি চলাচল কৰিব লগা হয়। যাৰ বাবে চিন্তিত হৈ পৰিল প্রায় বিশ খনকৈ অধিক গাঁৱৰ ৰাইজ । খহনীয়া ৰোধৰ বাবে পূৰ্বৰ ৰহা সমষ্টিৰ ডিম্বেশ্বৰ দাসৰ দিনত খহনীয়া ৰোধৰ নামত শৈল্য বান্ধ নিৰ্মাণত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে থান পৰিচালনা সমিতি আৰু ৰাইজে। মাত্র দুই তিনি বছৰৰ নহওঁতেই কিদৰে নিমাণ হোৱা বান্ধ আৰু মুল পকী পথৰ কিছু অংশ খহি যাব পাৰিছে ই এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে সকলোৱে মনত । যাৰ বাবে ৰাইজে ইয়াৰ এক উচিত তদন্ত কৰি ভৰ বাৰিষাৰ পূৰ্বে চৰকাৰ আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী পিষুষ হাজৰিকাক উক্ত খহনীয়া ৰোধৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।
ৰহা সমষ্টিৰ কচুৱাৰ মাধৱপাৰাত বৰপানী নদীৰ প্ৰৱল গৰা খহনীয়া
