মৰান, ২৯ মেঃমৰাণৰ সমীপৰ খোৱাঙৰ শতাধিক মহিলাই হঠাৎ লৈছে ৰণচণ্ডী মুৰ্তি । হাতত লাঠি লৈ এফালৰ পৰা ভাঙি গৈছে অবৈধ চুলাই ভাতি । ডিব্ৰুগড় জিলা খোৱাঙৰ তিনিখনকৈ গাঁও ক্ৰমে বাঘটলী পথাৰ, বাঁহনি পথাৰ আৰু নগাবাৰী গাঁৱৰ প্ৰায় শতাধিক মহিলা একত্ৰিত হৈ প্ৰথমে চুলাই বিৰুদ্ধে এক সমদল বাহিৰ কৰে । ইয়াৰ পিছতে মহিলা সকলে নগাবাৰী আৰু বাঁহনি পথাৰ গাঁৱৰ কেইবাটাও চুলাই ব্যৱসায়ীৰ ঘৰত প্ৰৱেশ কৰি এফালৰ পৰা ভাঙি যায় চুলাই প্ৰস্তুতকাৰী সামগ্ৰী । এক কথাত আবকাৰী আৰু আৰক্ষী প্ৰশাসনে কৰিব নোৱাৰা কাম কৰি দেখুৱালে মহিলা সকলে ।ইফালে মহিলা সকলৰ এই ৰণচণ্ডী মুৰ্তি দেখি খোৱাং আৰক্ষীৰ এটা দল নগাবাৰী গাঁৱত উপস্থিত হয় । মহিলা সকলে চুলাইৰ লগতে এটা পৰিয়ালৰ বাসগৃহৰ পৰা কিছু ভাঙো উদ্ধাৰ কৰে । মহিলা সকলৰ অভিযোগ অনুসৰি বহু কিশোৰ এই ভাঙৰ প্ৰতি আসক্ত হৈছে আৰু পৰিয়ালত অশান্তি সৃষ্টি কৰিছে । খোৱাং আৰক্ষীয়ে ভাং উদ্ধাৰ হোৱা পৰিয়ালটোৰ এজনক সুধ-পুচৰ বাবে আটক কৰিছে । মনকৰিবলগীয়া যে ডিব্ৰুগড় জিলা খোৱাঙৰ বিভিন্ন গাঁৱত অবৈধ চুলাই-মদৰ অবাধ প্ৰচলন হৈ আছে যদিও আবকাৰী আৰু আৰক্ষী প্ৰশাসনে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । মৰাণৰ আবকাৰী বিভাগৰ এটা দলে মাজে মাজে অঞ্চলটোত অভিযান চলাই যদিও অবৈধ চুলাই-মদ ৰোধ কৰিব পৰা নাই । চুলাই ব্যৱসায়ীৰ পৰা আবকাৰী বিভাগৰ লোকে ধন লোৱাৰো অভিযোগ তুলিছে একাংশ মহিলাই । সেয়ে আবকাৰী আৰু প্ৰশাসনৰ ওপৰত ভৰষা নকৰি এনেদৰেই শতাধিক মহিলা উলাই আহিল অবৈধ চুলাই-মদৰ বিৰুদ্ধে । মহিলা সকলে এই ধাৰা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।
মৰাণৰ খোৱাঙত শতাধিক মহিলাৰ ৰণচণ্ডী মুৰ্তি, অবৈধ চুলাই-মদৰ ভাতি উচ্ছেদ
