গুৱাহাটী,২৯ মে’ : মহানগৰীত যোৱানিশা সংঘটিত হ’ল এক ভয়াৱহ পথ দুৰ্ঘটনা। মহানগৰীৰ জালুকবাৰীত সংঘটিত এই পথ দুৰ্ঘটনাটিত সাত জনকৈ যুৱকে হেৰুৱালে প্ৰাণ। স্কৰপিঅ’ বাহনত যাত্ৰা কৰি থকা অৱস্থাতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে খুন্দা মাৰিছিল ডিভাইদাৰত। পৰৱৰ্তী সময়ত ডিভাইদাৰৰ পৰা নিলগত ৰৈ থকা বাহনত আহি দ্বিতীয়টো খুন্দা মাৰে স্কৰপিঅ’খনে। যাৰ ফলত স্কৰপিঅ’খনত থকা ৭ জনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল। তথ্য অনুসৰি যুৱক কেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। ৭ জনকৈ যুৱকৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভোৱাল আৰু নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মোহন, নগাঁওৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা। আৰক্ষীৰ ভাষ্য অনুসৰি ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ’খনে। ধ্বংসপ্ৰাপ্ত স্কৰপিঅ’খনৰ অৱস্থাৰ পৰা সহজেই অনুমেয় যে তীব্ৰ গতিত আছিল বাহনখন। ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ঘটনাস্থলী পৰিদৰ্শন কৰে। তেওঁ ঘটনাটোত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
গুৱাহাটীৰ জালুকবাৰীত ভয়াৱহ পথ দুৰ্ঘটনাত সাতজন ছাত্রৰ মৃত্যু
