ধুবুৰী,৩১ মে’ : ধুবুৰী জিলা অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশৰ আদালতে ড্ৰাগছৰ গোচৰৰ ভিত্তিত এটা গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। আনিচুৰ ৰ’হমান আৰু মোকলেছুৰ ৰ’হমান নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক এন ডি পি এছ আইনৰ অধীনত দোষী সাব্যস্ত কৰি সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহাৰ এক ৰায়দান প্ৰদান কৰিছে। আদালতে আনিছুৰ ৰহমানক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰি ১ লাখ টকাৰ জৰিমনা বিহাৰ বিপৰীতে মোকলেছুৰ ৰহমানক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ উপৰিও ৫০ হাজাৰ টকাৰ জৰিমনা বিহে। ২০২২ বৰ্ষত ধুবুৰী আৰক্ষী থানাত ৰুজু হোৱা ১৩২/২২ নম্বৰৰ এক গোচৰৰ ভিত্তিত আদালতে এই ৰায়দান দিয়ে। উল্লেখ্য যে, যোৱা বৰ্ষৰ ১৯ ফেব্ৰুৱাৰীৰ দিনা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুই ভাতৃ আনিছুৰ আৰু মোকলেছুৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
ধুবুৰীত দুই ড্ৰাগছ বেপাৰীক সশ্ৰম কাৰাদণ্ড আদালতৰ
