Fearless Press

৩ জুনত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন

নিউজ ডেক্স,১ জুনঃ ৩ জুনত অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। পঞ্চাশ বছৰ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত এই সাংবাদিক সংস্থাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰু প্ৰচাৰ তুংগত উঠিছে। ইতিমধ্যে ১০ খন আসনতৰ বিপৰীতে ২৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এই নিৰ্বাচনত। জেষ্ঠ সাংবাদিক দুৰ্বা ঘোষ, পুলিন সাহা আৰু আইন উপদেষ্টা বিজন মহাজনৰ নেতৃত্বত গঠন কৰা নিৰ্বাচন পৰিচালনা সমিতিয়ে তন্ন তন্নকৈ নিৰীক্ষণ কৰিছে সকলো দিশ। প্ৰাৰ্থী সকলেও বেনাৰ- পষ্টাৰ আৰি দিয়াৰ উপৰিও সামাজিক মাধ্যম যোগে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ এনে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততাৰ মাজতে জেষ্ঠ সাংবাদিক দ্বীপেন বায়নে প্ৰাৰ্থী সকলক অভিনন্দন জনাই উপহাৰ দিছে “জাৰ্ণালিষ্ট ডাইৰেক্টৰী” শীৰ্ষক এখনকৈ কিতাপ।

Exit mobile version