নিউজ ডেক্স,৫ জুনঃ শকুনি মামা আৰু নাই। শাৰীৰিক অসুস্থতাৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা শকুনি মামাই হাস্পতালতেই ত্যাগ কৰিলে শেষ নিশ্বাস। শকুনি মামাৰ মৃত্যুত সমগ্ৰ বলিউডত জগতত পৰিছে শোকৰ ছাঁ। মহাকাব্য মহাভাৰতৰ আধাৰত নিৰ্মিত ‘মহাভাৰত’ ধাৰাবাহিকখন আজিও প্ৰতিজন ভাৰতীয়ৰ মনত নিগাজিকৈ সোমাই আছে। মহাভাৰতৰ প্ৰতিটো চৰিত্ৰই মানুহৰ মন মগজুত থিতাপি লৈ আছে। তেনে এক জনপ্ৰিয় চৰিত্ৰ আছিল শকুনি। এখন ভৰি ছুটি আৰু বেঁকাকৈ অভিনয় কৰি শকুনিৰ চৰিত্ৰক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছিল গুফি পেণ্টাল নামৰ অভিনেতাগৰাকীয়ে। সেই গুফি পেণ্টালেই অৱশেষত শেষ নিশ্বাস ত্যাগ কৰিলে। ৩১ মে’ত বাৰ্ধক্যজনিত ৰোগত ভূগি থকা অভিনেতাগৰাকীক অত্যাধিক অসুস্থ হৈ পৰাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। হাস্পতালতেই অৱশেষত তেওঁ মৃত্যুক আকোৱালি ল’লে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ। অভিনেতাগৰাকীৰ ভাতৃ হিতেন পেণ্টালে সংবাদ মাধ্যমৰ আগত কয় যে সোমবাৰে পুৱা ৯ বজাত তেওঁ আমাক এৰি গুছি গৈছে। ৮০ৰ দশকত অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰা গুফি পেণ্টালে কেইবাখনো হিন্দী চিনেমাত অভিনয় কৰিছিল। মহাভাৰতত শকুনিৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। প্ৰতিজন ভাৰতীয়ৰ চিনাকী হৈ পৰিছিল তেওঁ। পৰৱৰ্তী সময়ত তেওঁ আন বহু চৰিত্ৰত অভিনয় কৰিলে যদিও কেৱল শকুনি চৰিত্ৰই মানুহৰ মানস পটত চিৰ দিনলৈ ৰৈ গ’ল। মহাভাৰতৰ শকুনি চৰিত্ৰক বাস্তৱিক ৰূপ প্ৰদান কৰি তেওঁ গুছি গ’ল অজান দেশলৈ।
মহাভাৰতৰ শকুনি মামা খ্যাত গুফি পেণ্টালৰ দেহাৱসান
