গুৱাহাটী,৬ জুনঃ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ দিছপুৰৰ চৰকাৰী আৱাসৰ কাষতে গছৰ তলত বহিল বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ। বিশ্বজিৎ দৈমাৰীৰ এটা উদ্ভট মন্তব্যক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ মঙলবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই বিধানসভাৰ অধ্যক্ষৰ বাসগৃহৰ কাষতে কৰিলে প্ৰতীকি প্ৰতিবাদ। মঙলবাৰে দিনৰ ১১ বাজি ৩০মিনিটত উৎকট গৰমৰ মাজতে কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ বহি পৰে দুজোপা গছৰ তলত। উল্লেখ্য যে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰসংগত বিশ্বজিৎ দৈমাৰীয়ে সাধাৰণ জনতাক ফেন বন্ধ কৰি গছৰ তলত আশ্ৰয় লোৱাৰ কথা কৈছিল। তেনে কৰিলে বিদ্যুতৰ খৰচ কমিব বুলি দৈমাৰীয়ে মন্তব্য কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই আজি গছৰ তলত জিৰণি লৈ প্ৰতীকি ৰূপত প্ৰতিবাদ কৰে। অধ্যক্ষৰ চৰকাৰী আৱাসৰ কাষতে অৱস্থান কৰি তেওঁ কয় -‘বিধানসভাৰ অধ্যক্ষই কৈছে যেতিয়া মই গছৰ তললৈকে আহিছোঁ ৷ গছৰ তলতে বহি প্ৰতীকি প্ৰতিবাদ কৰিছোঁ।’ বিদ্যুতৰ বৰ্ধিত মাচুল হ্ৰাস কৰিবলৈ কংগ্ৰেছ শাসিত ৰাজ্য সমূহক অনুকৰণ কৰাৰ আহ্বান জনাই কমলাক্ষ দে’ পুৰকায়স্থই লগতে কয় যে প্ৰয়োজনত পাঁচ দিনলৈকে গছৰ তলত বহি প্ৰতিবাদ কৰিব তেওঁ। চৰকাৰখনে সকলোতে মূল্য বৃদ্ধি কৰিছে ৷ বিদ্যুতৰ বৰ্ধিত মাচুল হ্ৰাস কৰাৰ বিকল্প চিন্তা কৰাৰ সলনি অযুক্তিকৰ কথা কিছুমান কৈ আছে ৷ শাসনলৈ অহাৰ আগত ২৪ ঘণ্টাই বিদ্যুৎ দিয়াৰ কথা কোৱা চৰকাৰখন ক’লৈ গ’ল বুলি তেওঁ প্ৰশ্ন কৰে।
বিধানসভাৰ অধ্যক্ষৰ কথা মতে গছৰ তলত বহিল বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ
