Fearless Press

চানডুবিত অমৃত গছপুলি ৰোপণ অনুষ্ঠানত মুখ্যমন্ত্রী আৰু ৰাজ্যপাল

গুৱাহাটী,৮ জুনঃ ৰাজ্য চৰকাৰৰ উদ্যোগত আজি কামৰূপ জিলাৰ চানডুবি অঞ্চলত অমৃত গছপুলি ৰোপণ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু তেখেতৰ সহধৰ্মিনী অনিতা কাটাৰিয়াৰ লগতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা উপস্থিতি থাকে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসস্থানসমূহ সুৰক্ষিত কৰাৰ দিশত চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। আজিৰ এই গছপুলি ৰোপণেৰে চানডুবিৰ সৌন্দৰ্যত কেৱল নতুন মাত্ৰা সংযোজন কৰাৰ লগতে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হোৱা বুলি মুখ্যমন্ত্রীয়ে কয়। স্থানীয় প্ৰজাতিৰ গছ শাল, শিলিখা, ভোমোৰা, আমলখি, কঁঠাল, এজাৰ, জামুক, কদম, সোণাৰু আদি ৰোপণ কৰা গছে এই অঞ্চলটোৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব। অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীসকলৰ লগতে ৰাজ্যৰ সাংসদ সকল, বিধায়কসকলৰ লগতে শীৰ্ষ বিষয়াসকলে প্ৰায় ৫০০টাতকৈও অধিক গছপুলি ৰোপণ কৰে। ৰাজ্যৰ মুঠ ভৌগলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে অহা ২ অক্টোবৰত গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে ১কোটি গছপুলি ৰোপণ কৰিব। এই কাৰ্যসূচীত অংশ লোৱা প্ৰতিগৰাকী ব্যক্তিলৈ গছজোপাৰ প্ৰতিপালনত সহায়ক হোৱাকৈ ১০০ টকা কৃতজ্ঞতা হিচাপে আগবঢ়োৱাৰ লগতে ৩ বছৰৰ পিছত পুনৰ ২০০ টকা প্ৰদান কৰিব। আজিৰ এই অনুষ্ঠানতে ‘প্রাকৃতিক কৃষিৰ দিশত এখোজ’ শীর্ষক এখন সহায়িকা পুথি আৰু Rare and threatened plant species of Assam শীৰ্ষক পুস্তিকা উন্মোচন কৰা হয়।

Exit mobile version