বাক্সা, ৯জুনঃবাক্সা জিলাৰ বিভিন্ন স্থানত অভিযান চলাই আজি ছয় জনকৈ শিশু শ্ৰমিক উদ্ধাৰ কৰে অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিয়ে ৷ শিশু শ্ৰমিক দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আজি ৰাজ্যিক শিশু সুৰক্ষা সমিতি, বেচৰকাৰী সংস্থা এ চি আৰ ডি, বাক্সা জিলা প্ৰশাসনে যৌথ অভিযান চলাই শিশু কেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে বাক্সা জিলাৰ ডুমুনীৰ পৰা চাৰি গৰাকী আৰু তামুলপুৰ মহকুমাৰ কুমাৰীকাটা অঞ্চলৰ পৰা দুজন শিশু উদ্ধাৰ কৰে ৷ সম্প্ৰতি উদ্ধাৰ কৰা শিশু কেইগৰাকীক জিলা শিশু সুৰক্ষা সমিতিৰ কাৰ্যালয় লৈ আনি শিশু গৃহত ৰখা হৈছে যদিও পৰৱৰ্তী সময়ত নিজ নিজ পৰিয়ালক চমজাই দিব ৷ উল্লেখ্য যে জিলাখনৰ ভাৰত-ভূটান সীমান্ত অঞ্চল বিশেষ কৈ চাহ বাগিচা অঞ্চলৰ লোকসকলৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন লোকে নিজৰ ঘৰত শিশুসকলক দোকান বা ঘৰত কাম কৰা ল’ৰা হিচাপে ৰখাৰ বিপৰীতে বহু সময়ত বহি:ৰাজ্যলৈও প্ৰেৰণ কৰি আহিছে ৷ সেয়ে আজি অভিযানকাৰী দলটোৱে অভিযান চলাই এনে ছয়গৰাকী শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
এ চি আৰ ডিৰ উদ্যোগত বাক্সা জিলাত শিশু শ্ৰমিক উদ্ধাৰ
