গুৱাহাটী,৯ জুনঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত শুকুৰবাৰে জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। কেবিনেটত ক্ৰীড়াৰ ক্ষেত্রখনৰ বাবে উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয়। ক্ৰীড়া ক্ষেত্ৰৰ বাবে অভিনৱ বিন্দ্ৰা ফাউণ্ডেচন ট্ৰাষ্টৰ সৈতে বুজাবুজিৰ চুক্তি কৰি অসম চৰকাৰে যৌথভাৱে কাম কৰিব। ইয়াৰ যোগেদি গুৱাহাটীৰ আশে-পাশে থকা ২৫০ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত আৰম্ভ হ’ব Olympic Value of education কাৰ্যসূচী। আজিৰ কেবিনেটে এইক্ষেত্রত অনুমোদন জনায়। আনহাতে কেবিনেটত ৰাইট টু পাব্লিক চাৰ্ভিচ এক্টৰ ক্ষেত্রত সংশোধনী অনাৰ ক্ষেত্রত অনুমোদন দিয়া হৈছে। ইয়াৰ যোগে ৰাজ্যত নতুনকৈ Right to Public Service Commission গঠন কৰা হ’ব। এই আয়োগৰ যোগেদি অসমৰ যিকোনো নাগৰিকে কিবা চৰকাৰী সুবিধা, অধিকাৰ আদি লাভ কৰাৰ ক্ষেত্রত অসুবিধা পালে অভিযোগ দাখিল কৰিব পাৰিব। কোনো বিষয়াই এইক্ষেত্ৰত ইচ্ছাকৃতভাৱে গাফিলতি কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আয়োগে। এই আয়োগে প্ৰয়োজনত অভিযুক্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে জৰিমণাও বিহিব পাৰিব। এই আয়োগত এজন অধ্যক্ষ আৰু দুজন আয়ুক্ত থাকিব। নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্রত আয়োগে কাম কৰিব। সেইদৰে আসাম ই এছ আই ডাক্তৰ চাৰ্ভিৰ ৰোল-২০২০ৰ সংশোধনীৰ ক্ষেত্রত আজিৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰ যোগেদি ই এছ আইৰ চিকিৎসক সকলে পূৰ্বৰ ৫ বছৰৰ ঠাইত অভিজ্ঞতাৰ ভিত্তিত দুইবছৰত পদোন্নতি লাভ কৰিব। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ডিবিটি ব্যৱস্থাৰ যোগেদি সকলো চৰকাৰী আঁচনিৰ বাবে এক ডিজিটেল প্লেটফৰ্ম তৈয়াৰ কৰা হ’ব। ইয়াৰ যোগেদি সকলো হিতাধিকাৰীৰ সমূহ তথ্য উল্লেখ থাকিব এই ব্যৱস্থাত। এই Digital Infrastructure for DBT Schemesৰ যোগেদি প্ৰকৃত হিতাধিকাৰীসকলক চিনাক্তকৰণত সহায়ক হ’ব। আজিৰ কেবিনেটত জি এছ টি এমেনমেণ্ট অৰ্ডিনেন্স এখন অনা হৈছে। আনহাতে অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অহা তিনি বছৰলৈ অসমৰ চাহৰ কৃষি কৰ ৰেহাই দিয়া হৈছে। সেইদৰে ৰাজ্যত নতুনকৈ আৰম্ভ হ’বলগীয়া ১৮ খন আদৰ্শ বিদ্যালয় আৰু চাহ বাগিচাৰ ১৯ খন আদৰ্শ বিদ্যালয় ১৯ জুন আৰু ২০ জুনত মুকলি কৰা হ’ব। এই সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলো মন্ত্ৰীয়ে জিলাই জিলাই মুকলি কৰিব আদৰ্শ বিদ্যালয়সমূহ। দুদিনত একেলগে এই ৩৭ খন বিদ্যালয় মুকলি হ’ব। আজিৰ কেবিনেটে বিহুৰ বিশ্ব অভিলেখত অংশ লোৱা বিহুৱা-বিহুৱতীসকলৰ বাবে সুখবৰ আনিছে। অহা ২৮ আৰু ২৯ জুনত জিলাই জিলাই এক অনুষ্ঠানৰ যোগেদি বিহুৱা-বিহুৱতীসকলক ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। আনহাতে সংৰক্ষিত হিচাপে থাকি যোৱা বিহুৱা-বিহুৱতীসকলক ১০ হাজাৰ টকাকৈ দিয়া হ’ব। মুখ্যমন্ত্রীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে প্ৰদান কৰিব মাননি আৰু প্ৰমাণ পত্ৰ।
ৰাজ্যিক কেবিনেটে ল’লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
