লখিমপুৰৰ বালিজান প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পকী ডাইনিং ভাগি ৯ ছাত্ৰ-ছাত্ৰী আহত ঃ সহ শিক্ষকক গ্ৰেপ্তা লখিমপুৰ, ১০ জুন ঃ লখিমপুৰ জিলাৰ লীলাবাৰীৰ বেহেৰাবস্তিত থকা বালিজান প্ৰাথমিক বিদ্যালয়ত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ পুৱা ১০ বজাত বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ পকী ডাইনিং ভাগি ৯ জনকৈ কণ কণ ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাৱে আহত হোৱাত বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই ঘটনাৰ পিছতে লখিমপুৰৰ জিলা উপায়ুক্তই এজন দণ্ডাধীশক তাৎক্ষণিক ভাৱে তদন্তৰ নিৰ্দেশ দিয়াত দণ্ডাধীশ তথা উত্তৰ লখিমপুৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কেচিঅ’ কৰণ পেগুৱে বিদ্যালয়খনত উপস্থিত হৈ তদন্ত কৰি উপায়ুক্তক তাৎক্ষণিক ভাৱে প্ৰাথমিক প্ৰতিবেদন দাখিল কৰে৷ ইয়াৰ পিছতে জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়খনৰ সহকাৰী শিক্ষক ৰমেন শইকীয়াক বগীনদী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে পকী ডাইনিং হলতো ছীল কৰি দিয়ে৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে লখিমপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত লীলাবাৰীৰ বালিজান প্ৰাথমিক বিদ্যালয়ত আন্তঃগাঠনিৰ ধনেৰে প্ৰায় কুৰি দিন পূৰ্বে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ বাবে এটা পকী ডাইনিং হলৰ চেট নিৰ্মাণ কৰা হৈছিল৷ উক্ত নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছিল বিদ্যালয়খনৰে সহ শিক্ষক ৰমেন শইকীয়া৷ আজি পুৱাবেলা ছাত্ৰ-ছাত্ৰীসকলে শনিবৰীয়া চ’ৰাৰ বাবে বিদ্যালয়ৰ ভিতৰৰ পৰা উলাই আহি বিদ্যালয়ৰ চৌহদত থকা নিৰ্মীয়মান উক্ত ডাইনিং চেটত বহাৰ সময়তে ইয়াৰে এখন ডাইনিং ভাগি ছাত্ৰ-ছাত্ৰীৰ গাত পৰি যায়৷ পকী ডাইনিং চেটতো অতি নিম্ন মানেৰে নিৰ্মাণ কৰাৰ ফলতে এনেদৰে হঠাতে ভাগি পৰি ৯ জনকৈ ছাত্ৰ-ছাত্ৰী আহত হোৱাত বিদ্যালয়খনত হুৱা-দুৱা পৰিৱেশৰ সৃষ্টি হয়৷ ফলত অভিভাৱকসকল দৌৰা-দৌৰিকৈ বিদ্যালয়ত উপস্থিত হৈ নিম্ন মানৰ ডাইনিং চেটৰ বাকীকেইখন বেঞ্চ ক্ষোভত ভাঙি পেলোৱাৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী দীপিকা গগৈ, সহ শিক্ষক ৰমেন শইকীয়াকে ধৰি সকলোৰে ওপৰত তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ শিক্ষক-শিক্ষয়িত্ৰী সকলে তাৎক্ষণিক ভাৱে আহত ছাত্ৰ-ছাত্ৰীসকলক লখিমপুৰৰ ব্যক্তিগত নাৰ্চিং হোম সৌমাৰপীঠত ভৰ্তি কৰায়৷ উক্ত ঘটনাত বিদ্যালয়খনৰ আৰফিনা বেগম [তৃতীয়], ৰুকচানা বেগম [দ্বিতীয়], ৰাজবীন বেগম [ষষ্ঠ], মৰজিনা বেগম [পঞ্চম], পূৰ্ণিমা গড় [ষষ্ঠ], মৌচুমী গড় [ষষ্ঠ], চাহিন বেগম [ষষ্ঠ], জেছমিন বেগম [ষষ্ঠ], লক্ষী গড় [ষষ্ঠ] আহত হয়৷ ইয়াৰে এগৰাকী ছাত্ৰীৰ ভৰি পৰ্যন্ত ভাগি যায়৷ ইফালে বিদ্যালয়খনত পুৰুষ শিক্ষক কেইজনে নিতৌ বিদ্যালয়লৈ সুৰাপান কৰি অহা বুলি আজি স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ ইফালে প্ৰধান শিক্ষয়িত্ৰী দীপিকা গগৈয়ে বিদ্যালয়ৰ আন্তঃগাঠনিৰ ৫০ হাজাৰ টকাৰ ধনেৰে সহ শিক্ষক ৰমেন শইকীয়াক উক্ত ডাইনিং চেট নিৰ্মাণৰ তদাৰকৰ দায়িত্ব প্ৰদান কৰিছিল যদিও ডাইনিং চেটতো অতি নিম্ন মানেৰে নিৰ্মাণ কৰাৰ ফলতে আজি এই ঘটনা সংঘটিত হয়৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত বগীনদী আৰক্ষী উপস্থিত হৈ সকলো তদন্ত কৰাৰ লগতে আজিয়েই দ্বিতীয়বাৰৰ বাবে বিদ্যালয়খনত বগীনদী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈ দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে ডাইনিং হলতো ছীল কৰি দিয়ে৷ বিদ্যালয়খনত বিভিন্ন অনিয়ম, দুৰ্নীতি সংঘটিত হৈ অহা বুলিও আজি স্থানীয় লোকে দণ্ডাধীশ, আৰক্ষীক অভিযোগ দিয়ে৷ বিদ্যালয়খনত মাতৃগোটৰ অজ্ঞ াতে বহু কাম-কাজ চলি থকাৰ লগতে বিদ্যালয় পৰিচালনা সমিতি গঠনৰ সময়তো অতি গোপনীয়তা অৱলম্বন কৰে বুলি আজি ঘটনাস্থলীত উপস্থিত অভিভাৱক, স্থানীয় ৰাইজ আদিয়ে অভিযোগ তোলে৷ ইফালে আজি স্থানীয় একাংশ মহিলাই প্ৰধান শিক্ষয়িত্ৰী দীপিকা গগৈৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয়ত শ্ৰেণীত পাঠদানৰ পৰিৱৰ্তে মবাইল চাই সময় পাৰ কৰাৰ লগতে এটা ক্লাছ কৰিয়েই ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনলৈকে অপেক্ষা কৰিবলৈ দিয়ে৷ বিদ্যালয়খনত অনুশাসনহীনতাৰ বাবেই আজি কেইদিনমানৰ পূৰ্বে নুৰ আলী নামৰ দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰৰ দুয়োখন হাত ভাঙি যায় যদিও বিদ্যালয় কতৃৰ্পক্ষই আজিকোপতি ছাত্ৰগৰাকীৰ কোনো খবৰ নোলোৱা বুলি পিতৃ-মাতৃয়ে অভিযোগ কৰে৷
লখিমপুৰৰ বালিজান প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পকী ডাইনিং ভাগি ৯ ছাত্ৰ-ছাত্ৰী আহত সহ শিক্ষকক গ্ৰেপ্তাৰ
