Fearless Press

নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত প্ৰাপ্য বিচাৰি শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

নুমলীগড়,১০ জুনঃ নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক শ্বাট ডাউনৰ কামত মেচাৰ্ছ ফকৰুদ্দিন আলি আহমেদ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত নিয়োজিত শ্ৰমিকে প্ৰাপ্য মজুৰি আদায় নোপোৱাত ক্ষোভিত হৈ পৰিছে। অসম তথা বহিঃৰাজ্যৰ ৮ শতাধিক শ্ৰমিকে মাৰ্চ মাহৰ পৰা শ্বাট ডাউনৰ কাম সম্পুৰ্ণ কৰি দিয়াৰ পিছতো প্ৰতিষ্ঠানটোৱে অদ্যাপি প্ৰাপ্য মজুৰি প্ৰদান নকৰাত খাদ্য আৰু বাসস্থানৰ অভাৱত পথৰ ভিক্ষাৰী হব লগা হৈছে শ্ৰমিক সকল ৷ যাৰ পৰিণতিত ১৫ মে’ৰ পৰা দীৰ্ঘদিন ধাৰাবাহিক আন্দোলনৰ পিছত কিছু অংশ ধন শ্ৰমিকক প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। যাৰ বাবে আজি পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে শ্ৰমিকসকলৰ লগতে নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক সংগঠন। শীঘ্ৰেই এন আৰ এল কৰ্তৃপক্ষই ব্যবস্থা গ্ৰহণেৰে প্ৰাপ্য মজুৰি আদায় দিয়াৰ দাবী জনাইছে শ্ৰমিক সংগঠনৰ লগতে বঞ্চিত শ্ৰমিকসকলে ৷

Exit mobile version