Fearless Press

জিলা উপায়ুক্ত সকলক কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্রীৰ

গুৱাহাটী,১১ জুনঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰে আলোচনাত মিলিত হৈ ৰাজ্যৰ সম্ভাৱ্য বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে বন্যাৰ্তসকলৰ সুৰক্ষাৰ্থে শিবিৰ স্থাপন কৰাৰ লগতে সাহায্য প্ৰদান প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ ক্ষেত্ৰত উপায়ুক্তসকলক নিৰ্দেশনা প্ৰদান কৰে। তদুপৰি বিগত বৰ্ষৰ বানপানীৰ সময়ছোৱাত ক্ষতিগ্ৰস্ত মথাউৰিসমূহ পৰিদৰ্শন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ লগতে জিঅ’ বেগ স্থাপনৰ নিৰ্দেশনা দিয়ে। তদুপৰি বাট-পথৰ পৰিস্থিতি বুজ লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে লোকনিৰ্মাণ বিভাগ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন কৰ্পৰেচন লিমিটেডলৈ নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে বানপীড়িত অঞ্চলসমূহত যিকোনো চিকিৎসাজনিত সমস্যা সমাধানৰ হেতু চিকিৎসক আৰু ঔষধৰ উপলব্ধতাৰ বুজ লোৱাৰ লগতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক জিলাখনৰ ৩৮২টা ভূমিস্খলনৰ আশংকা থকা এলেকা নিৰীক্ষণ কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰীয়ে সকলো উপায়ুক্তক অগ্ৰাধিকাৰভিত্তিত কোনো নিৰ্মাণকাৰ্যৰ হেতু খন্দা গাঁতসমূহ পুতি পেলোৱাৰ নিৰ্দেশনা দিয়াৰ লগতে যিসমূহ গাঁত চলিত নিৰ্মাণকাৰ্যৰ বাবে পুতি পেলোৱা সম্ভৱ নহয় তেনেস্থলত চৌপাশে বাঁহৰ বেৰিকেড নিৰ্মাণ কৰিবলৈ জনায়। তদুপৰি উপায়ুক্তসকলক জিলাসমূহতৰ পথত থকা অনাবৃত গাঁতৰ বিষয়ে অৱগত কৰিবলৈ ফোন নম্বৰ প্ৰদান কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে। বৈঠকত অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজহ মন্ত্ৰী যোগেন মহনকে ৰাজ্যৰ উপায়ুক্তসকলৰ লগতে ভাৰতীয় সেনা আৰু বায়ু সেনাৰ বিষয়াসকল উপস্থিত থাকে।

Exit mobile version