Fearless Press

চি বি আইক অৰ্পণ কৰা হ’ল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব

গুৱাহাটী,১৪ জুনঃ অৱশেষত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব ল’লে চি বি আয়ে। অসম চৰকাৰৰ আবেদন মৰ্মে ভাৰত চৰকাৰে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইক অৰ্পন কৰে। বুধবাৰে ভাৰত চৰকাৰে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে চি বি আইক আনুষ্ঠানিকভাৱে দায়িত্ব প্ৰদান কৰে। উল্লেখ্য যে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰটো ল’বলৈ অসম চৰকাৰে চি বি আইক আপীল কৰিছিল। ইফালে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ১২ জুনত দিল্লীলৈ গৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চি বি আই মুখ্য কাৰ্যালয়লৈ গৈ আলোচনাত বহিছিল আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। অৱশেষত বুধবাৰে চি বি আয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব। ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ভাৰত চৰকাৰে চি বি আইক অৰ্পণ কৰাৰ কথা সামাজিক মাধ্যম যোগে সদৰি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে নগাঁওৰ জখলাবন্ধাত ১৫ মে’ৰ নিশা পথ দুৰ্ঘটনাত সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক ভাৱে মৃত্যু হৈছিল। জোনমণি ৰাভাৰ মৃত্যুৰ সমগ্ৰ ঘটনাটো ৰহস্যৰ মাজত সোমাই পৰিছিল। আচলতে জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল নে জোনমণি ৰাভাক হত্যা কৰা হৈছিল তাক লৈ বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল। সাঙোৰ খাই পৰিছিল বহু কেইজন আৰক্ষী বিষয়াৰ নাম। আনহাতে দুটাকৈ ফোনক’লৰ ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে অতি ৰহস্যৰ মাজত সোমাই পৰিছিল সমগ্ৰ ঘটনাটো। ইফালে জোনমণি ৰাভাৰ পৰিয়ালৰ লোকে জোনমণি ৰাভাক হত্যা কৰা হৈছিল বুলি দাবী কৰিছিল। জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটো প্ৰথমে চি আই ডিক তদন্ত কৰিব দিয়া হৈছিল যদিও পিছলৈ চি বি আইক অৰ্পণ কৰাৰ বাবে পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল-সংগঠনে দাবী কৰিছিল। ইয়াৰ পিছতে সমগ্ৰ ঘটনাৰ তদন্ত চি বি আই লৈ হস্তান্তৰ কৰাৰ কথা সদৰি কৰিছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে আজি গোচৰটো চি বি আয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

Exit mobile version