গুৱাহাটী,১৭ জুনঃ ৰাজ্যৰ একাংশ আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত দুর্নীতিকে ধৰি বিভিন্ন অভিযোগ উঠি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে আৰক্ষী বাহিনীত স্বচ্ছতা অনাৰ বাবে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকলৈ এক নির্দেশনা প্ৰেৰণ কৰিছে। একেখন জিলাত, একেখন থানাত কৰ্মৰত পুলিচ বিষয়াৰ ক্ষেত্ৰত প্রযোজ্য হোৱাকৈ এই নির্দেশনা দিয়া হৈছে৷ সেই অনুসৰি ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকক নির্দিষ্ট পুলিচ থানাত তিনি বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱা হোমগার্ডৰ পৰা পৰিদৰ্শকসকলক বদলি কৰাৰ লগতে প্রতিবেদন দাখিল কৰিবলৈ জনোৱা
হৈছে। ইয়াৰ সমান্তৰালকৈ বিগত ১০ বছৰৰ ৭ বছৰ একেখন জিলাতে কৰ্মৰত উপ-পৰিদৰ্শককে ধৰি
উচ্চপদস্থ পুলিচ বিষয়াসকলৰ তালিকাও প্রদান কৰিবলৈ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে নির্দেশনাটোত উল্লেখ কৰে।
একেখন জিলা-থানাত কৰ্মৰত আৰক্ষী বিষয়াৰ ক্ষেত্রত ডিজিপিৰ নিৰ্দেশনা
