গুৱাহাটী,২০ জুনঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। বৰ্ধিত চাইবাৰ অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ গৃহ বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। ৰাজ্যত স্থাপন কৰা হ’ব চাৰিখনকৈ চাইবাৰ আৰক্ষী থানা। এই সন্দৰ্ভত অসম চৰকাৰৰ গৃহ আৰু ৰাজনীতি বিভাগে জাৰি কৰিছে জাননী। জাননী অনুসৰি নতুনকৈ স্থাপন কৰিবলগীয়া এই চাৰিখন চাইবাৰ আৰক্ষী থানাৰ ভিতৰত দুখন স্থাপন কৰা হ’ব গুৱাহাটীত। আনহাতে আন দুখনৰ ভিতৰত এখন উজনি অসমৰ ডিব্ৰুগড়ত আৰু আনখন বৰাক উপত্যকাৰ শিলচৰত স্থাপন কৰা হ’ব। উল্লেখ্য যে গুৱাহাটীত স্থাপন কৰিবলগীয়া চাইবাৰ আৰক্ষী থানাৰ এখন চি আই ডিৰ মুখ্য কাৰ্যালয়ত হ’ব আৰু আনখন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা হ’ব। গুৱাহাটীৰ এই দুয়োখন চাইবাৰ আৰক্ষী থানা একোজনকৈ ডি এছ পি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব। আনহাতে ডিব্ৰুগড় আৰু শিলচৰৰ চাইবাৰ আৰক্ষী থানা দুখন অ’ চি পৰ্যায়ৰ বিষয়াই নিৰীক্ষণ কৰিব। গুৱাহাটী আৰক্ষী আয়ুক্ত কাৰ্যালয়ত স্থাপন হ’বলগীয়া চাইবাৰ আৰক্ষী থানাৰ নেতৃত্বত এজন ডি এছ পি থকাৰ উপৰি ৬ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক আৰু লেঞ্চনায়ক থাকিব। তদুপৰি থাকিব ২০ জনকৈ কনিষ্টবল। সেইদৰে চি আই ডিৰ কাৰ্যালয়ত স্থাপন হ’বলগীয়া থানাখনত থাকিব এজন ডি এছ পিৰ লগতে ১০ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক আৰু লেঞ্চনায়ক। লগতে থাকিব ৩০ জন কনিষ্টবল। ইফালে ডিব্ৰুগড়ৰ চাইবাৰ আৰক্ষী থানাই শদিয়া আৰক্ষী জিলা, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ আৰু ধেমাজিক সামৰি ল’ব। শিলচৰ চাইবাৰ আৰক্ষী থানাই শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ আৰু ডিমা হাচাওক সামৰি ল’ব। এই আৰক্ষী থানা দুখনত ৫ জনকৈ পৰিদৰ্শক, উপ-পৰিদৰ্শক, হেড কনিষ্টবল, নায়ক, লেঞ্চনায়ক থকাৰ উপৰিও ১৫ জনকৈ কনিষ্টবল থাকিব।
ৰাজ্যত হ’ব চাৰিখন চাইবাৰ আৰক্ষী থানা
