গুৱাহাটী,২২ জুনঃ গুৱাহাটী মেডিকেল কলেজ আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজক আগন্তুক ৫ বছৰৰ বাবে এম বি বি এছ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। এই সন্দৰ্ভত এন এম চিয়ে মেইল যোগে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা মহাবিদ্যালয় দুখনে জনোৱা আবেদন সন্দৰ্ভত ৭ জুনত নতুন দিল্লীত এন এম চিৰ অধ্যক্ষ ড০ সুৰেশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত প্ৰথম ‘এপিলেট কমিটী’ৰ পৃথক শুনানীকালত দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই দাখিল কৰা তথ্য-পাতি তথা উত্তৰত সন্তুষ্ট হৈ কমিটীখনে স্বীকৃতি নবীকৰণত অনুমোদনৰ সিদ্ধান্ত লয়। উল্লেখ্যে যে প্ৰয়োজনীয় ফেকাল্টিৰ অভাৱৰ লগতে আন্তঃগাঁথনিৰ অভাৱ আদি সমস্যাৰ বাবে অসমৰ কেইবাখনো মেডিকেল কলেজৰ স্বীকৃতি বাতিল হোৱাৰ দিশে অগ্ৰসৰ হৈছিল। অৱশেষত ৭ জুনত অনুষ্ঠিত বৈঠকৰ পিছতে আয়োগে দুয়োখন মেডিকেল কলেজলৈ আগন্তুক ৫ বছৰৰ বাবে এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে। উল্লেখ্য যে এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত ব্যৱহাৰিক পৰীক্ষাৰ সময়ত দুয়োখন মেডিকেল কলেজতে নাছিল প্ৰয়োজনীয় ফেকাল্টিৰ লগতে কেমেৰাৰ ব্যৱস্থা। অসম মেডিকেল কলেজত ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত হোৱা ব্যৱহাৰিক পৰীক্ষা আৰু ইয়াৰ পূৰ্বে অনুষ্ঠিত হোৱা ২৩ জানুৱাৰীৰ ফিজিকেল ভেৰিফিকেশ্যনৰ সময়ছোৱাত নাছিল প্ৰয়োজনীয় শিক্ষক আৰু বন্ধ হৈ আছিল কেমেৰা। একেদৰে গুৱাহাটী মেডিকেল কলেজত অনুষ্ঠিত হোৱা ৩ এপ্ৰিলৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়তো নাছিল প্ৰয়োজনীয় ফেকাল্টি আৰু বন্ধ হৈ আছিল কেমেৰা। তদুপৰি দুয়োখন মেডিকেল কলেজতেই অন্যান্য আন্তঃগাঁথনিৰ অভাৱ পৰিলক্ষিত হৈছিল। এই সন্দৰ্ভত দুয়োখন মেডিকেল কলেজলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে। সেই জাননীৰ উত্তৰ দুয়োখন মেডিকেল কলেজেই প্ৰদান কৰিছিল যদিও সেই উত্তৰত সন্তুষ্ট হোৱা নাছিল আয়োগ। সেয়েহে দুয়োখন মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ সম্ভাৱনাই দেখা দিছিল। পৰৱৰ্তী সময়ত দুয়োখন মেডিকেল কলেজেই পৰ্যাপ্ত ফেকাল্টিৰ ব্যৱস্থা কৰি তেওঁলোকৰ নাম এ ই বি এ এছ পৰ্টেলত পঞ্জীয়ন কৰে। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে দুয়োখন মেডিকেল কলেজলৈ পুনৰ ৫ বছৰৰ বাবে এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিছে। সেই অনুসৰি গুৱাহাটী মেডিকেল কলেজত ১৫৬ খন আৰু ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত ১৭০ খন এম বি বি এছৰ আসনত নামভৰ্তি শীঘ্ৰেই আৰম্ভ হ’ব।
ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এম বি বি এছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ
