Fearless Press

গুৱাহাটীত ১৮ কোটি টকাৰ হিৰ’ইনসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

গুৱাহাটী,২৫ জুনঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰীত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে। জালুকবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ বি জি কলনীৰ এটা অট্টালিকাত ৬৫ টা হিৰ’ইনভৰ্তি বাকচ জব্দ কৰা হয়। আৰক্ষীৰ উপ মহাপৰিদৰ্শক (প্ৰশাসন) পাৰ্থ সাৰথি মহন্ত, কামৰূপ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু স্পেচিয়েল টাস্ক ফৰ্চ চমুকৈ এছ টি এফৰ অভিযানত এই ড্ৰাগছখিনি জব্দ কৰা হৈছে। জালুকবাৰীত জব্দকৃত ড্ৰাগছখিনিৰ ওজন ৯০০ গ্ৰাম। উল্লেখ্য যে মণিপুৰৰ পৰা হাজোলৈ বৃহৎ পৰিমাণৰ ড্ৰাগছ কঢ়িয়াই অনা AS-01-DT-2876 নম্বৰৰ এখন টয়’টা ফৰচুনাৰ গাড়ী সম্পৰ্কে আৰক্ষীয়ে এক তথ্য লাভ কৰিছিল। ইয়াৰ পাছতেই আজি পুৱা হাজোত আৰক্ষী আৰু এছ টি এফে চলাইছিল এক ড্ৰাগছ বিৰোধী অভিযান। সেইসময়ত আৰক্ষীৰ পৰা পলাবলৈ চেষ্টা কৰোতেই বাহনখন হাজোত দুৰ্ঘটনাত পতিত হৈছিল। বাহনখনৰ পৰা আৰক্ষীয়ে ১ কেজি ৩০০ গ্ৰাম ওজনৰ ১০০ টা হিৰ’ইনভৰ্তি বাকচ জব্দ কৰে। লগতে মণিপুৰৰ আব্দুল হাছান আৰু মুস্তাক আলীক গ্ৰেপ্তাৰ কৰে। দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে জালুকবাৰীৰ প্ৰাগজ্যোতিষ নগৰৰ বি জি কলনীৰ অট্টালিকাটোত অভিযান চলাই আন ৬৫ টা ড্ৰাগছৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে হাজো আৰু জালুকবাৰীত চলোৱা অভিযানত আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৮ কোটি টকা। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এন ডি পি এছ আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে।

 

Exit mobile version