লখিমপুৰ ষ্টাফ ৰিপটাৰ ৩০,জুন, গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰি এখন বাকৰিতে আয়োজিত সৰ্ববৃহৎ বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ ক্ষেত্ৰত লখিমপুৰ জিলাক প্ৰতিনিধিত্ব কৰা বিহুৱা-বিহুৱতীসকলক অসম চৰকাৰৰ উদ্যোগত আজি প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰা হয়। এই উদ্দেশ্যে
উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ কৃষিমন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই। মন্ত্ৰীগৰাকীয়ে বিহুৱা আৰু বিহুৱতী সকলৰ হাতত আনুষ্ঠানিক ভাৱে সংশ্লিষ্ট প্ৰমাণ পত্ৰ আৰু মাননি প্ৰদান কৰে।
এক মহান উদ্দেশ্যক বাস্তৱত ৰূপায়ণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এক বৃহৎ অনুষ্ঠানত লখিমপুৰ জিলাৰ পৰা অংশগ্ৰহণ কৰা বিহুৱা-বিহুৱতী তথা বিহুনৃত্য শিল্পীসকলক মন্ত্ৰীগৰাকীয়ে অভিনন্দন জনায়। তেওঁলোকক উদ্দেশ্যি দিয়া ভাষণত সকলোৱে বিহু নৃত্যানুষ্ঠানটিত সুন্দৰভাবে অংশগ্ৰহন কৰি বিশ্ব অভিলেখৰ যাত্ৰাত সহযাত্ৰী হৈ এক বিৰল মুহুৰ্তৰ সাক্ষী হোৱাৰ বাবে আৰু অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৃষিমন্ত্ৰী বৰাই কয় যে এই অভিলেখকাৰী অনুষ্ঠানে বিহুক বিশ্ব দৰবাৰত সবলভাৱে জিলিকাই তোলে আৰু সমগ্ৰ বিশ্বই এই অনুষ্ঠানৰ জৰিয়তে অসমৰ বিহুৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হয়। এই বৃহৎ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।অসমৰ ৰাইজৰ আন্তৰিক সহযোগিতা, জিলা প্ৰশাসনৰ সমৰ্থন, অনুষ্ঠানটোৰ পৰিকল্পনাৰ পৰা আৰম্ভ কৰি বিভিন্ন স্থান, জিলা আৰু ৰাজ্যিক পৰ্যায়ত ইয়াৰ আখৰালৈকে বিশেষজ্ঞসকল আৰু সকলো স্তৰৰ ব্যক্তিৰ সমৰ্থনৰ বাবেই এনেধৰণৰ বৃহৎ অনুষ্ঠান সম্ভৱ হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
জিলা প্ৰশাসনৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোঁচে সুন্দৰ উপস্থাপনেৰে আঁত ধৰা এই কাৰ্যসুচীত আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত সুমিত সত্বাৱানে অসম চৰকাৰৰ এই সুন্দৰ পদক্ষেপক শলাগ লোৱাৰ লগতে উপস্থিত থকা বিহুৱা বিহুৱতী সকলক এই কাৰ্যসূচী সফল কৰি লখিমপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰ নাম উজ্বলাবলৈ সক্ষম হোৱাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লখিমপুৰ, নাওবৈছা, বিহপুৰীয়া আৰু ঢখুৱাখনা বিধানসভা সমষ্টিৰ মুঠ ৬৯৯ গৰাকী বিহুৱা বিহুৱতীক আজি প্ৰমাণ পত্ৰ আৰু বেংক ট্ৰেন্সফাৰ যোগেদি ২৫০০০ টকাকৈ মাননি প্ৰদান কৰা হয়। অসম চৰকাৰে বিহুৱা বিহুৱতীৰ মাননি হিচাপে জিলাখনলৈ ১,৭৪,৭৫০০০টকা আগবঢ়াইছিল। আজিৰ এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত মিনাক্ষী পেৰমে, সাংস্কৃতিক বিষয়া বিদ্যাধৰ দেউৰী, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়া, জিলা জনসংযোগ বিষয়া, মন্দিৰা চায়েঙিয়া,লখিমপুৰ পৌৰসভাৰ পৌৰপতি নিবেনিতা দত্ত, সমাজকৰ্মী ফণীধৰ বৰুৱা , দীপক বৰদলৈ, নগৰ উন্নয়ন প্ৰাধিকৰন বিভাগৰ সভাপতি সমীৰণ বৰদলৈ ,জিলা প্ৰশাসনৰ মূৰব্বী বিষয়াসকল, প্ৰশিক্ষকসকলৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাৰ আৰম্ভণিতে জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত শ্ৰী হেমন্ত বনিয়াৰ পৰিচালনাত এখন পথ সুৰক্ষাৰ সজাগতামূলক নাটক প্ৰদৰ্শন কৰা হয়।
বিশ্ব অভিলেখধাৰী বিহু নৃত্যানুষ্ঠানত লখিমপুৰ জিলাক প্ৰতিনিধিত্ব কৰা শিল্পী সকললৈ প্ৰমাণপত্ৰ আৰু মাননি প্ৰদানমন্ত্ৰী অতুল বৰাৰ
