Fearless Press

শিক্ষা বিভাগৰ অধীনত নতুনকৈ নিযুক্তি পালে ১০৬ গৰাকী প্ৰাৰ্থীয়ে

গুৱাহাটী,৫ জুলাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এক লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে বুধবাৰে শিক্ষা বিভাগৰ অধীনত ১০৬টা পদত নিযুক্তি দিয়া হয়। জনতা ভৱনত মুখ্যমন্ত্রীৰ সভাকক্ষত আয়োজন কৰা এক অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ১০৬ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা বিভাগৰ অধীনৰ ৯৪গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা গৱেষণা প্ৰতিষ্ঠানৰ অধীনত ১o গৰাকী প্ৰবক্তা আৰু দুইগৰাকী পাঠ লেখক। মুঠ ১০৬ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। ভাষণ প্ৰসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে শিক্ষা বিভাগত যথেষ্ট পদ খালী আছে আৰু এই খালী পদ পূৰণৰ বাবে চৰকাৰখনে অহৰ্নিশে কাম কৰি আছে।

Exit mobile version