Fearless Press

মুখ্যমন্ত্রীৰ উপস্থিতিত পাঁচটা আদিবাসী সশস্ত্ৰ সংগঠনৰ ১১৮২ জন কেডাৰৰ অস্ত্র সম্বৰণ

গুৱাহাটী,৬ জুলাইঃ শান্তি আলোচনা লৈ অহা পাঁচটাকৈ আদিবাসী সশস্ত্ৰ সংগঠনৰ লগতে বিভাজিত তিনিটা গোটৰ ১১৮২ জন কেডাৰে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই অস্ত্র সম্বৰণ কাৰ্যসূচী সম্পন্ন কৰা হয়। ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত প্ৰাক্তন আদিবাসী সশস্ত্ৰ সংগঠন এ চি এম এ, বি চি এফ, এ এ এন এল এ, এ পি এ আৰু এছ টি এফৰ লগতে বিভাজিত তিনিটা গোটৰ ১১৮২ জন কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰে। সংগঠন কেইটাই তিনি শতাধিক মাৰনাস্ত্র আৰু ১৪৬০ জাই সক্ৰিয় গুলী জমা দিয়ে। উল্লেখ্য যে ২০২২ চনৰ ১৫ ছেপ্তেম্বৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আদিবাসী সশস্ত্ৰ সংগঠন কেইটাই শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। সেই শান্তি চুক্তিৰ আধাৰত আজি সংগঠন কেইটাই আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰি মূলসূঁতিলৈ ঘূৰি আহে। আনহাতে শান্তি চুক্তিৰ আধাৰতে গঠন হোৱা আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাৰ্যবাহীসকলে আজিৰ অনুষ্ঠানতে শপত গ্ৰহণ কৰে।

Exit mobile version