Fearless Press

আৰক্ষীৰ দুৰ্ব্যৱহাৰ বিৰুদ্ধে গুৱাহাটীত সাংবাদিকৰ প্ৰতিবাদ

গুৱাহাটী,৮ জুলাইঃ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত আজি কলা বেজ পৰিধান কৰি সাংবাদিক সকলে আৰক্ষীৰ মইমতালী নচলিব, সাংবাদিকৰ নিৰাপত্তা সু-নিশ্চিত কৰক, সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহ’ব আদি শ্ল’গানৰে পৰিবেশ উত্তাল কৰি তোলে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই কয় যে সাংবাদিকৰ ওপৰত যদি আৰক্ষীৰ এনে ধৰণৰ ব্যৱহাৰ হয়, তেনেহলে এইখন মহানগৰীত সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা কিমান সুনিশ্চিত হ’ব। অনাহকতে কৰ্তব্যৰত সাংবাদিক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ এনে ব্যৱহাৰ সুস্থ গণতন্ত্ৰৰ পৰিচায়ক নহয় বুলি মন্তব্য কৰি এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায়। ইফালে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিক সকলক কৰা এনে দুৰ্ব্যবহাৰৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীযে। উল্লেখ্য যে যোৱা ১৭ মে’ত সাতগাও থানা এলেকাত সংঘটিত এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত জেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ গৈছিল। তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰবেশত বাধা দিয়ে। লগতে সাংবাদিক গৰাকীৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি নি তালাচী চলাই অযথা হাৰাশাস্তি কৰে। পিছত আৰক্ষী বিষয়াৰ এনে
দুৰ্ব্যৱহাৰৰ বিষয়ে পূব গুৱাহাটী প্ৰেছ ক্লাবক অৱগত কৰে। বিষয়টোৰ সন্দৰ্ভত ৭ জুলাইত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্য্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি ১৫ জনীয়া সাংবাদিক দলে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক সৌজন্য মূলক সাক্ষাৎ কৰাৰ বাবে থানা চৌহদত উপস্থিত হয়। কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে নানা অজুহাত দেখুৱাই সাংবাদিকৰ দলটোক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে। প্ৰায় ১ ঘণ্টা সময় ধৰি অপেক্ষা কৰি থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সাক্ষাৎতৰ অনুমতি নাপায় অপমান বোধ কৰি সেই স্থান পৰিত্যাগ কৰে। সাংবাদিকক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বন কৰাৰ দাবী তুলি সাংবাদিক সকলে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰীণা বৰুৱা কলিতা, নাৰেঙ্গী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰা, সমাজ কৰ্মী প্ৰদীপ কলিতা, নুনমাটি ছাত্ৰ সন্থা, নাৰেঙ্গী ছাত্ৰ সন্থা, সাতগাও ছাত্ৰ সন্থা, জু- নাৰেঙ্গী ছাত্ৰ সন্থা, নাৰেঙ্গী বনিক সন্থাৰ প্ৰতিনিধি তথা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আৰু সংবাদ কৰ্মী উপস্থিত থাকে।

Exit mobile version